নীতি আয়োগত দেশৰ আকাংক্ষিত জিলাসমূহৰ ভিতৰত সৰ্বোচ্চ স্থানত ওদালগুৰি জিলা

পূৰ্বৰ তুলনাত জিলাখনৰ প্ৰতিটো ক্ষেত্ৰৰে মানদণ্ড উন্নত হৈছে

WhatsApp Image 2021 04 19 at 6.23.32 PM

বিশ্বব্যাপি চলি থকা ক’ভিড ১৯ মহামাৰী বিভীষিকাৰ মাজতে ওদালগুৰি জিলাই কঢ়িয়াই আনিলে এক সুখবৰ। বিগত ২০২০ বৰ্ষত অন্তত এই মহামাৰীৰ প্ৰভাৱ কিছু সাম কটাৰ সময়তে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ নীতি আয়োগৰ সমীক্ষাত দেশৰ আকাংক্ষিত জিলাসমূহৰ ভিতৰত প্ৰথম স্থান দখল কৰিলে ওদালগুৰিয়ে।

দেশৰ ৭১২ খন জিলাৰ ভিতৰত ২৭ খন ৰাজ্যৰ ১১২ খন জিলাক আকাংক্ষিত জিলা হিচাপে লৈ নীতি আয়োগে প্ৰতি বছৰে চলাই আহিছে এক উন্নয়ণমূলক সমীক্ষা। সেই অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ বাবে চলোৱা নীতি আয়োগৰ উক্ত সমীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ ওদালগুৰি জিলা।

উল্লেখ্য যে এই সমীক্ষাই সামৰি লৈছে অসমৰ সাতখন জিলা ক্ৰমে ওদালগুৰি, দৰং, গোৱালপাৰা, বাক্সা, বৰপেটা, ধুবুৰী আৰু হাইলাকান্দি জিলাক। আয়োগৰ এই সমীক্ষাই ক্ৰমে স্বাস্থ্য আৰু পুষ্টিকাৰক, শিক্ষা, কৃষি আৰু জলসম্পদ, ফাইনানচিয়েল ইনক্লিউজন-দক্ষতা বিকাশ আৰু প্ৰাথমিক আন্ত:গাঠনি ক্ষেত্ৰক সমীক্ষাটোত সামৰি লৈছে।

নীতি আয়োগে চলোৱা উক্ত সমীক্ষাৰ পৰা লাভ কৰা তথ্য অনুসৰি এই ১১২ খন আকাংক্ষিত জিলাৰ ভিতৰত অসমৰ ওদালগুৰি জিলাই চলিত বৰ্ষৰ বিগত ফেব্ৰুৱাৰী মাহৰ সমীক্ষাত দেশৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উক্ত ফেব্ৰুৱাৰী মাহৰ সমীক্ষাত ওদালগুৰি জিলাই মুঠ ৪৬.১ যৌগিক স্ক’ৰ সংগ্ৰহ কৰিছে।

জানুৱাৰী মাহত এই স্ক’ৰ আছিল ৪৩.৯ নম্বৰ। এইবাৰৰ সমীক্ষাত বিভিন্ন শিতান অনুযায়ী স্বাস্থ্য আৰু পৰিপুষ্টিৰ ক্ষেত্ৰত প্ৰথম স্থান, শিক্ষাৰ ক্ষেত্ৰত ১৫ তম স্থান, কৃষি আৰু জলসম্পদ ক্ষেত্ৰত ৩১ তম স্থান, ফাইনানচিয়েল ইনক্লিউজন আৰু দক্ষতা বিকাশ ক্ষেত্ৰত ৬৮ তম স্থান, প্ৰাথমিক আন্তগাঠনিৰ ক্ষেত্ৰত ৮৭ তম স্থান অধিকাৰ কৰে ওদালগুৰি জিলাখনে।

ইফালে সকলো ক্ষেত্ৰকে সামৰি দেশৰ ১১২ খন আকাংক্ষিত জিলাৰ ভিতৰত ওদালগুৰিয়ে প্ৰথম স্থান, দৰঙে দশম স্থান, গোৱালপাৰাই ৮৮ তম স্থান, বাক্সাই ৪২ তম স্থান, বৰপেটাই দশম স্থান, ধুবুৰীয়ে ১০৩ তম স্থান আৰু হাইলাকান্দিয়ে ১১০ তম স্থান দখল কৰে। আশ্চৰ্যকৰ বিষয় এয়ে যে বিগত জানুৱাৰী মাহত ওদালগুৰি জিলাৰ স্থান ১১০ আছিল যদিও এমাহ পাছতেই জিলাখনে প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশৰ চানডাউলি জিলা আৰু তৃতীয় স্থানত আছে ঝাৰখণ্ডৰ খুণ্টী জিলা।

বিগত জানুৱাৰী মাহৰ তুলনাত ফেব্ৰুৱাৰী মাহটোত প্ৰায় প্ৰতিটো ক্ষেত্ৰতে উন্নত মান অধিকাৰ কৰে ওদালগুৰি জিলাখনে। সেই অনুসৰি স্বাস্থ্য আৰু পুষ্টিকাৰক ক্ষেত্ৰত জানুৱাৰী মাহৰ ৫৮.১ নম্বৰৰ বিপৰীতে ফেব্ৰুৱাৰী মাহত লাভ কৰে ৬৫.১ নম্বৰ, শিক্ষাৰ ক্ষেত্ৰত পূৰ্ৱৰ জানুৱাৰী মাহত ৫৯.৪ৰ বিপৰীতে ফেব্ৰুৱাৰী মাহতো ৫৯.৪, কৃষি আৰু জলসম্পদ ক্ষেত্ৰত জানুৱাৰী মাহত ১২.৮ৰ বিপৰীতে ফেব্ৰুৱাৰী মাহত ১৩.২, ফাইনানচিয়েল ইনক্লিউজন আৰু দক্ষতা বিকাশ ক্ষেত্ৰত জানুৱাৰী মাহত ২০.৪ৰ বিপৰীতে ফেব্ৰুৱাৰী মাহত ২০.১ আৰু প্ৰাথমিক আন্ত:গাঠনিৰ ক্ষেত্ৰত ওদালগুৰি জিলাখনে বিগত জানুৱাৰী মাহত ৪১ নম্বৰ লাভ কৰাৰ বিপৰীতে ফেব্ৰুৱাৰী মাহত লাভ কৰে ৪১ নম্বৰ।

বিগত জানুৱাৰী মাহত ভাৰতৰ ১১২ খন জিলাৰ ভিতৰত ১১০ নম্বৰ স্থানত থকা অসমৰ ওদালগুৰি জিলাখনে এইবাৰ প্ৰথম স্থান দখল কৰাত ভৱিষ্যতে জিলাখন সকলো দিশতে আগবাঢ়ি এক উন্নত জিলাৰ মৰ্যাদা অধিকাৰ কৰাৰ কামনা কৰিছে জিলাৱাসীয়ে।

Exit mobile version