প্ৰিয় বেডমিণ্টন বাদ দি ফুটবলৰ নতুন ‘ছুপাৰমেন’ ধীৰজ

Dheeraj Singh Moirangthem 1024x570 1

বহু স্বপ্ন বুকুত বান্ধি লৈ কেৰালা ব্লাষ্টাৰ্ছ ত্যাগ কৰি ২০১৯-২০ত এটিকে-ত যোগ দিছিল ধীৰজ সিঙে । কিন্তু তেওঁ মাত্ৰ এটা খেল খেলিবলৈহে সুযোগ লাভ কৰে ।

সপ্তম আইএছ‌এল চলাকালীন এটিকে ত্যাগ কৰি এফচি গোৱাত স্বাক্ষৰ কৰাৰ পাছতে জীৱন সলনি হৈ যায় চাৰি বছৰ পূৰ্বে অনুৰ্ধ্ব ১৭ বিশ্বকাপৰ ভাৰতীয় দলৰ গোলৰক্ষকৰ । শনিবাৰে এএফচি চেম্পিয়ন্স লীগৰ দ্বিতীয় খেলত ধীৰজৰ হাততেই শেষ হয় আল ৱাহাদাৰ জয়ৰ স্বপ্ন । খেল সমাপ্ত হোৱাৰ পাছত সংযুক্ত আৰৱ আমিৰশ্বাহিৰ ক্লাৱৰ প্ৰশিক্ষক বাৰ্ছেলোনাই ফ্ৰেংক ৰাইকাৰ্ডৰ প্ৰাক্তন সহকাৰী হেংক টেন কাটে কয়, ‘ধীৰজ অসাধাৰণ গোলৰক্ষক । সংযুক্ত সময়ত তেওঁ যিদৰে গোল ৰক্ষা কৰিলে সেয়া অবিশ্বাস্য ।’

এফচি গোৱাৰ প্ৰশিক্ষক খুৱান ফেৰাণ্ড‌ই ধীৰজক ‘ছুপাৰমেন’ হিচাপে অভিহিত কৰিছে । খুৱানে কয়, ‘আল ৱাহাদা দু-ৱে তিনিটা সুযোগ লাভ কৰিছিল । কিন্তু ধীৰজে ছুপাৰমেনৰ দৰে দলটোৰ ৰক্ষা কৰে ।’

ধীৰজে বেডমিনণ্টন খেলুৱৈ হোৱাৰ সপোন দেখিছিল । গোটেই সপ্তাহ বেডমিণ্টন খেলিছিল আৰু কেৱল দেওবাৰে ফুটবল খেলিছিল ।

ধীৰজে জন্ম গ্ৰহণ কৰে মণিপুৰৰ ম‌ইৰাংথেম গাঁৱত । তেওঁৰ পিতৃ ক্ষুদ্ৰ ব্যৱসায়ী । আঠ বছৰ বয়সতে তেওঁক পিতৃয়ে গাঁৱৰ পৰা প্ৰায় চাৰি ঘণ্টা দূৰত থকা আবাসিক বিদ্যালয়লৈ প্ৰেৰণ কৰে । তাতেই বেডমিণ্টনৰ প্ৰতি আকৃষ্ট হয় ভাৰতৰ এই প্ৰতিশ্ৰুতিপূৰ্ণ গোলৰক্ষক ।

শনিবাৰে বিদ্যালয় ছুটিৰ পাছত মৈৰাংথেমলৈ উভতে । দেওবাৰে পুৱাই বন্ধুবৰ্গৰ স’তে ফুটবল খেলিছিল । খেলপথাৰত ফুটবল খেলি থকাৰ সময়তে গাঁৱত সৰু ল’ৰা-ছোৱালীক ফুটবল প্ৰশিক্ষণ দিয়া সুৰেন্দ্ৰ সিঙৰ চকুত পৰে ধীৰজ । সুৰেন্দ্ৰ‌ই ধীৰজক তেওঁৰ প্ৰশিক্ষণ কেন্দ্ৰত নাম ভৰ্তি কৰাৰ প্ৰস্তাৱ দিয়ে । ধীৰজে কয়, ‘দেওতাই মোক কেতিয়াও বিদ্যালয় এৰাৰ অনুমতি নিদিয়ে । এই কথা সুৰেন্দ্ৰ ছাৰক জনালো । তেওঁ কয়, বিদ্যালয় এৰাৰ দৰকাৰ নাই । তুমি কেৱল দেওবাৰৰ পূৱাই মোৰ তাত প্ৰশিক্ষণ গ্ৰহণ কৰিবা ।’

তেতিয়াৰ পৰাই আৰম্ভ হয় ধীৰজৰ জীৱনৰ নতুন অধ্যায় । মণিপুৰৰ বিভিন্ন দলত খেলি খেলিয়েই ৰাজ্য দলত নিৰ্বাচিত হয় তেওঁ । তেওঁ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন একাডেমিতো সুযোগ লাভ কৰে । বেডমিণ্টন বাদ দি তেতিয়া ধীৰজৰ কেৱল গোলৰক্ষক হোৱাৰ স্বপ্ন । অৱশ্যে তেওঁ এই পৰ্যন্ত বেডমিণ্টন খেলা বন্ধ কৰা নাই । ফিটনেছৰ বাবে মাজে সময়ে ৰেকেট হাতত লয় ।

এএফচি চেম্পিয়ন্স লীগৰ তৃতীয় খেলত গোৱাই মংগলবাৰে ইৰাণৰ পাৰ্ছ’পলিছ এফচি-ৰ বিৰুদ্ধে খেলিব ।

Exit mobile version