ৰাজস্থানত আজিৰ পৰা ১৫ দিনীয়া তলাবন্ধ জাৰি

20210417 DJP HV MN Covid Weekend Curfew 2 1618802355993 1618802371473

দেশজুৰি বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ । কিছুসংখ্যক ৰাজ্যত পৰিস্থিতি উদ্বেগজনক । সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে ১৯ এপ্ৰিল সোমবাৰৰ পৰা ১৫ দিনৰ বাবে তলাবন্ধ ঘোষণা কৰিলে ৰাজস্থান চৰকাৰে । অৰ্থাৎ তিনি মে’ পৰ্যন্ত তলাবন্ধ অব্যাহত থাকিব ।

ৰাজস্থান চৰকাৰে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি, ১৯ এপ্ৰিল পুৱা পাঁচ বজাৰ পৰা তিনি মে’ পূৱা পৰ্যন্ত তলাবন্ধ অব্যাহত থাকিব । সংক্ৰমণৰ দ্বিতীয় ঢৌ নিয়ন্ত্ৰণ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় অশোক গেহলত চৰকাৰে । তলাবন্ধ চলাকালীন ৰাজস্থানৰ সকলো কাৰ্যালয় আৰু বজাৰ বন্ধ থাকিব ।

ৰাজস্থানৰ গৃহ সচিব অভয় কুমাৰে নিৰ্দেশনাত জনায়, এই ১৫ দিনত কেৱল জৰুৰী পৰিসেৱাৰ স’তে জড়িত দোকান বা কাৰ্যালয় খোলা থাকিব । সন্ধিয়া সাত বজালৈকে শাক-পাচলি আৰু ফল-মূল বিক্ৰী কৰিব পাৰিব । পুৱা চাৰি বজাৰ পৰা আঠ বজালৈ বাতৰিকাকত বিক্ৰী কৰিব পাৰিব । লগতে পেকেটজাতীয় খাদ্য, ৰেস্তোৰাঁ আৰু মিঠাইৰ দোকানৰ নিশা আঠ বজা পৰ্যন্ত হোমডেলিভাৰীৰ ব্যৱস্থা থাকিব ।

ৰাজস্থানত সকলো শিক্ষা প্ৰতিষ্ঠান, কোচিং চেণ্টাৰ, প্ৰেক্ষাগৃহ, মাল্টিপ্লেক্স আৰু বিনোদন পাৰ্ক বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে । লগতে অন্য ৰাজ্যৰ ‌পৰা ৰাজস্থানত সোমাবলৈ হ’লে ক’ভিড নিগেটিভ ৰিপ’ৰ্ট লৈ যোৱা বাধ্যতামূলক ।

বিগত ২৪ ঘণ্টা ভাৰতত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে দুই লাখ ৭৩ হেজাৰ ৮১০ জন লোক । এদিনত দেশত আক্ৰান্তৰ নিৰিখত এই হাৰ সৰ্বোচ্চ । সংক্ৰমণৰ লগতে ক’ভিডৰ দ্বিতীয় ঢৌত বৃদ্ধি পাইছে দৈনিক মৃত্যুৰ সংখ্যা‌ও । বিগত ২৪ ঘণ্টাত ভাৰতত এহেজাৰ ৬১৯ জন লোকে প্ৰাণ হেৰুৱাইছে ।

Exit mobile version