বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ , পৰ্যটকসকলক ভাৰতলৈ আহিবলৈ নিষেধাজ্ঞা আমেৰিকাৰ

GettyImages 1131335393 e1580493890249 scaled 1

কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌয়ে ভাৰতক পুনৰ আঘাত কৰিছে। দেশখনত ইতিমধ্যে দৈনিক সংক্ৰমণ ব্যাপকভাৱে বৃদ্ধি পাইছে। এই পৰিস্থিতিত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চিডিচি) আমেৰিকান নাগৰিকসকলক ভাৰতলৈ নাযাবলৈ পৰামৰ্শ দিছে।

ADVERTISEMENT

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্থাৰ দ্বাৰা জাৰী কৰা জাননী খনে ভাৰতৰ ক’ভিড পৰিস্থিতিক “ভয়ংকৰ” বুলি অভিহিত কৰিছে।

চিডিচি বিজ্ঞপ্তিত এইদৰে কোৱা হৈছে, “ভাৰতৰ বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ যি আকাৰত বৃদ্ধি পাইছে , প্ৰতিষেধক গ্ৰহণ কৰা পৰ্যটকসকলকো ক’ভিড বিয়পাৰ সম্ভাৱনা আছে।

সেইকাৰণে পৰ্যটকসকলক এতিয়া ভাৰতলৈ নাযাবলৈ অনুৰোধ কৰা হৈছে। যদি ভাৰতলৈ যাব লগা হয় তেন্তে ভ্ৰমণ কৰাৰ আগতে প্ৰতিষেধকৰ এটা পালি গ্ৰহণ কৰিবই লাগিব।

প্ৰতিজন পৰ্যটকে মাস্ক পৰিধান কৰিব লাগিব ছয় ফুট দূৰত্ব বজাই ৰাখিব লাগিব, ভিৰ পৰিহাৰ কৰিব লাগিব আৰু সঘনাই হাত ধুব লাগিব’।

আমেৰিকাই নিজৰ দেশৰ পৰ্যটকসকলক ভাৰতলৈ নাহিবলৈ পৰামৰ্শ দিছে। ব্ৰিটেইনে এখোজ আগুৱাই গৈ ভাৰতীয়সকলক ব্ৰিটেইনলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। প্ৰধানমন্ত্ৰী বৰিছ জ’নছনে ইতিমধ্যে তেওঁৰ ভাৰত ভ্ৰমণ বাতিল কৰিছে।

Exit mobile version