ভাওৰাগুৰী সাতবিলত অনুষ্ঠিত গংগা পূজা আৰু অশোকাষ্টমী স্নান

ganga snan 2

আজি ৰাজ্যৰ ভিন্ন স্থানত অনুষ্ঠিত কৰা হৈছে গংগা পূজা আৰু অশোকাষ্টমী স্নান । তাৰে সমান্তৰাল কৈ ভাওৰাগুৰীৰ সাতবিলত, গংগা পূজা কমিটিয়ে গুৰুফেলা নদীৰ পাৰত অনুষ্ঠিত কৰিছে মা গংগা পূজা আৰু অশোকাষ্টমী স্নান।

ADVERTISEMENT

কৰ’না মহামাৰী প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ ক’ভিড-১৯ নীতি-নিয়ম মানি কমিটিয়ে অনুষ্ঠিত কৰিছে গংগা পূজা।প্ৰতি বছৰে এই নদীৰ পাৰত কমিটিয়ে পালন কৰি আহিছে গংগা পূজা,অশোকাষ্টমী স্নান আৰু মেলা।

এই নদীৰ পাৰত সমাগম ঘটে বহুত ভক্ত । ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই গা ধুই পূজা অৰ্চনা কৰে এই নদীত। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এয়ে যে এই স্থানত ভাল এটা ঘাট নাই। চৰকাৰে আজিলৈকে কোনো ধৰণৰ সাহায্যও আগবঢ়োৱা নাই।

আজিলৈকে এটা মন্দিৰ নিৰ্মান হৈ উঠা নাই।সেয়েহে ৰাজ্য চৰকাৰৰ লগতে বি টি চিৰ নতুন চৰকাৰৰ কিছু সাহাৰ্য্য আগবঢ়োৱাৰ লগতে এখন ঘাট নিৰ্মাণ কৰি দিবলৈ কমিটিয়ে অনুৰোধ জনাইছে ।

Exit mobile version