ৰোজা ৰাখিছে অভিনেতা ভাস্বৰ চট্টোপাধ্যায়ে

81410098

১৩ এপ্ৰিলৰ পৰা ১২ মে’ পৰ্যন্ত অব্যাহত থাকিব ৰমজান মাহ । ৰমজানত ৰোজা ৰাখিছে অভিনেতা ভাস্বৰ চট্টোপাধ্যায়েও । তেওঁ কয় যে, মাহজুৰা এই উপবাস তেওঁ নিষ্ঠাৰে পালন কৰিছে ।

ভাস্কৰৰ মন্তব্য, ‘মনৰ পৰা বিচাৰো হিন্দু-মুছলিম একজোট হোৱাটো । সকলোৱে একেলগে সকলো পৰ্ব পালন কৰক ।’

তেওঁ লগতে জনায় যে, তেওঁ তেওঁৰ প্ৰথম ৰোজা উৎসৰ্গা কৰিছে কাশ্মীৰীসকলৰ বাবে আৰু ইণ্ডাষ্ট্ৰিত কাম কৰা সকলো মুছলিম মেক‌আপ আৰ্টিষ্টসকলক । তেওঁ কয়, ‘আমাৰ ইণ্ডাষ্ট্ৰিৰ বহু মুছলিম মেক‌আপ আৰ্টিষ্ট, ড্ৰেছাৰে ৰোজা ৰাখি গোটেই দিন কাম কৰে ।’

বহুদিনৰ পৰা কাশ্মীৰৰী ভাষা শিকি আছে অভিনেতাজনে । সম্প্ৰতি তেওঁ সামাজিক মাধ্যমত সেই ভাষাত ৰমজানৰ শুভেচ্ছাও জনাইছে । কাশ্মীৰী ভাষাত গানো গাইছে । গীতটি শুনি আপ্লুত হৈছে কাশ্মীৰৰ বিখ্যাত শিল্পী ইছফাক কাৱা । ভাস্বৰে কয়, ‘ইনষ্টাগ্ৰামত কাৱাই নিজে যোগাযোগ কৰে । কাশ্মীৰলৈ আমন্ত্ৰণো জনাইছে ।’

দুই ধৰ্মৰ মিলনৰ লগতে ভাৰত-পাকিস্তানৰ দ্বন্দ‌ও সমাপ্ত কৰিব বিচাৰে অভিনেতাজনে । ভাস্বৰে দাবী জনায়, ‘দেশৰ বিভেদে আমাক সমান কষ্ট দিয়ে ।’ সেই অনুভূতিৰ পৰাই দূৰত্বৰ অৱসান ঘটাই পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানক সম্প্ৰতি টুইট কৰে অভিনেতাজনে ।

ভাস্বৰ এজন ব্ৰাহ্মণ সম্প্ৰদায়ৰ । তেওঁ কয়, ‘ম‌ই উপবাস ৰখাটো বাবাই ভাল নাপায় । পৰ্বত বাধা নাই ।’ ভাস্বৰে জনায়, লোকনাথ বাবাই নিজেও কোৰান পাঠ কৰিছিল । তেওঁ কয়, ‘লোকনাথ বাবাৰ এই আচৰণে মোক চুই গৈছিল । তেওঁৰ পৰা অনুপ্ৰাণিত হৈয়ে ম‌ই এই পদক্ষেপ গ্ৰহণ কৰিছো ।’

Exit mobile version