ডিফু মাঞ্জা পথৰ বিৰলাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

Screenshot 297

আজি দূপৰীয়া ডিফু মাঞ্জা পথৰ বিৰলাত AMA 7017 নম্বৰৰ তীব্র বেগী এখন ট্ৰাকে এখন বাইক আৰু এখন অট’ৰিক্সাক খুন্দা মাৰে ।

দুৰ্ঘটনাটোত দূই বাইক আৰোহী ক্ৰমে দিপু টকবী(২০) আৰু গোবিন্দ ব্ৰহ্ম(২৫) DMCHত মৃত্যু বৰণ কৰে। লগতে অট চালক সুভাষ মালাকাৰ ঘটনাস্থলীত থিতাতে নিহত হয়।

ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ-AMA 7017 আনহাতে দূ্ৰ্ঘটনাত পতিত হোৱা মটৰ চাইকেলখনৰ পঞ্জীয়ন নম্বৰ ASO9D 1829 ৰ বিপৰীতে অটৰিক্সা খন পঞ্জীয়ন বিহীন আছিল।

তথ্য অনুসৰি প্ৰথমে বিপৰীত দিশৰ পৰা অহা বাইকখনক খুন্দা মাৰি পলাবলৈ চেষ্টা কৰোতেই একেদিশৰ পৰা গৈ থকা অট’খনক খুন্দা মাৰে ট্ৰাকখনে। ফলত দুই বাইক আৰোহী সহ অট ৰিক্সা চালক কেইজনে অকাল মৃত্যু ক আকোঁৱালি লবলগীয়া হয়।

Exit mobile version