দুবৰিৰ ঔষধি গুণ

shutterstock 221253364

★বমিৰ লগত তেজ ওলালে বা তেজবমি হ’লে দুবৰি বনৰ ৰসত চেনি বা মিচিৰি মিহলাই দিনত ৩ বাৰকৈ খাব লাগে।

★কাণেৰে তেজ ওলালে দুবৰি বনৰ ৰস নাকেৰে উজাব লাগে আৰু খাব লাগে।

★ কটা ছিঙাত বন পটাত পিহি মলমৰ দৰে সানিব লাগে।

★দাঁতেৰে তেজ ওলালে দুবৰি বন পিহি তেজ ওলোৱা দাঁতত চাধাৰ দৰে কিছু সময় ৰাখিব লাগে।

★ঘাঁ হ’লে দুবৰি বনৰ ৰসত হালধিৰ ৰস মিহলাই ঘাঁত সানিব লাগে।

★চুলি সৰিলে আৰু অকালতে পকিলে দুবৰি বনৰ ৰস মূৰত সানিব লাগে। চুলি সৰা পকা ভাল হয় আৰু চুলি ক’লা হয়।

★চকু ৰঙা পৰা ৰোগত দুবৰি বন পানীত তিয়াই ৰাখি সেই পানীৰে চকু ধুব লাগে।

★ গাঁঠি বিষত হালধি বটি দুবৰি বনৰ ৰস মিহলাই মলমৰ দৰে সানিব লাগে।

★এলাৰ্জী হ’লে কেঁচা হালধি ৰস আৰু এই বনৰ ৰস মিহলাই খাব লাগে আৰু গাত লগাব লাগে।

Exit mobile version