পাণৰ উপকাৰিতা

732 7326361 betel leaf hd png download

★মোচোকা খালে: পাণত সৰিয়হ তেল সানি পানখন গৰম কৰি মোচোকা খোৱা ঠাইত বান্ধি থব লাগে।

★কাণৰ বিষ : পাণ গৰম কৰি ৰস উলিয়াই চাৰিটোপ কাণত দিব লাগে।

★ ওকণি : পাণ আৰু মূলাৰ ৰস মিলাই গা ধুৱাৰ আগত মূৰত সানিব লাগে।

★ ঘাঁ : পাণ পিহি সানিব লাগে।

★ছৰ্দি কাঁহ :পাণ লং আজোৱাইন হালধি টুকুৰা মিলাই খাব লাগে।

★আঙুলি বিষালে আৰু ফুলিলে পাণ গৰম কৰি বান্ধি থব লাগে।

★ শুকান কাঁহ: পানৰ ৰস দুচামোচ আৰু মৌ মিলাই খালে শুকান কাঁহ ভাল হয়।

★ ছৰ্দিত নাকেৰে তেজ ওলালে:পাণৰ ৰস দুটোপাল নাকেৰে উজালে ভাল হয়।

★বিষ ফোঁহোৰা:পাণ গৰম কৰি বান্ধিব লাগে।

★মাত বহিলে: পাণৰ শিপা টুকুৰা কৈ দিনে চাৰিবাৰ চোবাই খাব লাগে।

★ হাঁপানি:পাণৰ ৰস চাৰি চামোচ আদাৰ ৰস দুচামোচ আৰু মৌ এচামোচ মিলাই দিনে চাৰিবাৰকৈ খাব লাগে।

Exit mobile version