অক্সিজেনৰ সৰবৰাহক লৈ কেন্দ্ৰৰ জাননী

370901261 0 13 1618647790182 1618760960362

মেডিকেল অক্সিজেনক লৈ কেন্দ্ৰ আৰু কে’বাখনো ৰাজ্যৰ মাজত সংঘাত চলি থকাৰ মাজতে কেন্দ্ৰ‌ই আজি কয় যে এইক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাই । সকলোবোৰ ৰাজ্য‌ই অক্সিজেন লাভ কৰিব । তদুপৰি উদ্যোগিক ক্ষেত্ৰত অক্সিজেনৰ যোগানত নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্ৰই । এই ক্ষেত্ৰত আজি কেন্দ্ৰই যাৱতীয় নিৰ্দেশ প্ৰেৰণ কৰে ।

বিগত কেইসপ্তাহত ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৱে দেশজুৰি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । বৃহস্পতিবাৰে ভাৰতত ৩,১৪,৮৩৫ জন লোক নতুনকৈ আক্ৰান্ত হয় । বিশ্বৰ ভিতৰতে এই সংখ্যা সৰ্বাধিক ।

Exit mobile version