এই সময় মাস্ক পৰিধান নকৰাকৈ মালদ্বীপত ঘূৰি ফুৰাৰ সময় নহয় এই বিস্ফোৰক মন্তব্য অভিনেত্ৰী শ্ৰুতি হাছানৰ

Shruti Haasan

বিগত বৰ্ষৰ শেষৰ পৰা বলীউডৰ কিমানজন তাৰকা মালদ্বীপ ভ্ৰমণ কৰিছে সেইয়া গণি শেষ কৰিব নোৱাৰি। প্ৰতিদিনে প্ৰায় কোনো নহয় কোনো এজন অভিনেতা বা অভিনেত্ৰী মালদ্বীপৰ বিকিনি পোছাক পিন্ধা, সাগৰত গা ধোৱা, যোগ, খোৱা বা ঘূৰি ফুৰা ফটো সামাজিক মাধ্যমত প’ষ্ট কৰা হয়। ইয়াক দেখি তেওঁলোকৰ অনুৰাগীসকলো সুখী হয় আৰু তেওঁলোকে নিমিষতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

কিন্তু সেই চেলিব্ৰিটিসকলৰ মাজৰ এজনে এই ভ্ৰমণৰ বিৰুদ্ধে এইবাৰ মুখ খুলিলে । অভিনেত্ৰী শ্ৰুতি হাছানৰ বিস্ফোৰক দাবী, ‘মই ব্যক্তিগত ভাবে নাভাবোঁ যে পুলত মাস্কবিহীন ভাবে মজা কৰাৰ সময় এইটো।”

দেশৰ কৰ’না পৰিস্থিতি দিনক দিনে অৱনতি হৈ আহিছে। ভাৰত বৰ্তমান কৰ’না সংক্ৰমণৰ শীৰ্ষত আছে। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে এই পৰিস্থিতিত কেইদিনমান আগতে কৰ’না জয় কৰাৰ পাছত মালদ্বীপ ভ্ৰমণলৈ যায়। পূৰ্বেও বহুতো চেলিব্ৰিটিক মালদ্বীপ ভ্ৰমণ কৰা দেখা গৈছিল। তালিকাখনত দিশা পাটানি, টাইগাৰ শ্ৰফ, মাধুৰী দীক্ষিত, চাৰা আলী খান, জাহ্নৱী কাপুৰ, পূজা বেদী, মন্দিৰা বেদী আৰু আন বহুতো অন্তৰ্ভুক্ত আছে।

শ্ৰুতিয়ে এটা সাক্ষাৎকাৰত কয়, ‘ভাল লাগিছে যে তেওঁলোকে এটা ভাল ছুটি উপভোগ কৰিছে। তেওঁলোকে এইটো পোৱাৰ উপযুক্ত। কিন্তু ব্যক্তিগতভাৱে, মই ভাবো যে মাস্ক পৰিধান নকৰি এই সময়ত পুলত ডুব দিয়াৰ সময় নহয়। …’ শ্ৰুতিৰ লগতে বলীউডৰ প্ৰচাৰক ৰোহিনী আয়াৰ আৰু লেখিকা শোভা দেও ঘটনাটোৰ বিষয়ে মুখ খুলিছে।

তেওঁলোকৰ মতে, যেতিয়া দেশৰ এক বৃহৎ জনসংখ্যাই অক্সিজেন আৰু প্লাজমাৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে হাহাকাৰ কৰি আছে, সেইসময়ত চেলিব্ৰেটীসকলৰ ঘূৰি ফুৰাৰ ছবি সঠিক নহয়।

Exit mobile version