কাপোৰৰ মাস্ক পৰিধান কৰিলে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জনালে হু-এ

106467352 1585602933667virus medical flu mask health protection woman young outdoor sick pollution protective danger face t20 o07dbe

অতিমাৰীৰ প্ৰকোপৰ সময়ত নিত্য প্ৰয়োজনীয় পণ্য হয় পৰিছে মাস্ক । বিশ্বত বৰ্ধিত সংক্ৰমণ আৰু মৃত্যুৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানীসকলে গোটেই জীৱনৰ বাবে মাস্ক পৰিধান অপৰিহাৰ্য হৈ যাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে । কিন্তু কাপোৰৰ মাস্ক নে ছাৰ্জিকেল মাস্কে সংক্ৰমণৰ পৰা ৰক্ষা পেলাব পাৰে তাক লৈ এই পৰ্যন্ত দ্বিধাত আছে সাধাৰণ লোক । শ্বাসজনিত সমস্যা থকা বহু লোকে কাপোৰৰ মাস্ককে বাচি লয় । সেয়ে কাপোৰৰ মাস্ক পৰিধানৰ ক্ষেত্ৰত বিশেষ কিছু সতৰ্কতা মানি চলাৰ পৰামৰ্শ দিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)এ ।

অতিমাৰীৰ কৱলৰ পৰা হাত সাৰিবলৈ আৰম্ভণিৰ পৰাই মাস্ক পৰিধান আৰু ছেনিটাইজাৰৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে হু-এ । কাপোৰৰ মাস্ক ব্যৱহাৰৰ ক্ষেত্ৰতো হাত পৰিস্কাৰ ৰখাত বিশেষ গুৰুত্ব দিছে তেওঁলোকে । তেওঁলোকে জনায় যে, মাস্ক পৰিধান আৰু খোলাৰ পূৰ্বে হাত ভালকৈ ধুই ল’ব লাগে বা ছেনিটাইজ কৰি ল’ব লাগে । মাস্কত ছিদ্ৰ আছে নেকি সেইটো ভালকৈ চাই ল’ব লাগে । বহু সময়ত দেখা যায় যে মাস্ক পৰিধান কৰাৰ পাছত মুখৰ দুকাষে ফাঁক হৈ থাকে । মাস্ক পৰিধান কৰাৰ পাছত মুখ, নাক আৰু থুতৰি সম্পূৰ্ণভাৱে ঢাক খাই থাকিব লাগে ।

হু-এ লগতে কয় যে, সঘনাই মাস্কত হাত দি থাকিব নালাগে । মাস্ক খোলাৰ সময়ত মাস্কৰ কাষত থকা ফিটা দুডালত ধৰি খুলিব লাগে । খুলাৰ পাছতে মুখৰ কাষৰ পৰা আঁতৰ কৰিব লাগে ।

ছাৰ্জিকেল মাস্কবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব নালাগে । অৱশ্যে কাপোৰৰ মাস্কবোৰ পুনঃ ব্যৱহাৰযোগ্য বুলি জনাইছে সংস্থাটোৱে । প্ৰতিদিনে চাবোন আৰু গৰম পানীৰে মাস্ক ধোব লাগে ।

পূৰ্বে তিনি তৰপীয়া মাস্কত অধিক গুৰুত্ব আৰোপ কৰিছিল হু-এ । দোকানৰ পৰা ক্ৰয় কৰা বা নিজে চিলাই লোৱা মাস্ক ব্যৱহাৰ কৰিব পাৰিব । সংক্ৰমণ প্ৰতিৰোধৰ ক্ষমতা যিহেতু মাস্কৰ ওপৰত নিৰ্ভৰ কৰে, সেয়ে তিনি তৰপীয়া মাস্ক চিলাবলৈ কিছু পৃথক কাপোৰ ব্যৱহাৰ কৰিব লাগিব । মাস্কৰ ভিতৰৰ ফালে থকা অংশটোত সুতিৰ কাপোৰ ব্যৱহাৰ কৰিলে ভাল । কাৰণ সুতিৰ কাপোৰে মুখৰ পৰা নিৰ্গত হোৱা দ্ৰপলেটছবোৰ শীঘ্ৰে শুকাই দিব পাৰে । মাজৰ স্তৰত থাকিব পলিপ্ৰ’লাইনৰ দৰে উপকৰণ যিয়ে ফিল্টাৰৰ দৰে কাম কৰে । বাহিৰৰ অংশত ব্যৱহাৰ কৰিব লাগে পলিয়েষ্টাৰৰ দৰে উপকৰণৰ, যিয়ে মুখৰ ভিতৰৰ পৰা সংক্ৰমণ বাহিৰত ওলাই যোৱাত বাধা আৰোপ কৰে আৰু বাহিৰৰ পৰাও মুখত সংক্ৰমণ প্ৰৱেশ কৰাত বাধা আৰোপ কৰে ।

Exit mobile version