তৃতীয় সন্তান জন্ম হ’লে বিহক জৰিমনা, কাৰাদণ্ড : মন্তব্য কৰি বিপাঙত কংগনা

pjimage 63 1619012008

দেশৰ জনসংখ্যা বৃদ্ধিৰ সন্দৰ্ভত শেহতীয়াভাৱে টুইট কৰি কঠোৰ আইনৰ দাবী উত্থাপন কৰিলে বলিউড অভিনেত্রী কংগনা ৰণৌটে।

ADVERTISEMENT

অভিনেত্রীগৰাকীয়ে দাবী কৰি কয় যে আজিৰ এই সংকটময় পৰিস্থিতিত তৃতীয় সন্তান জন্ম হ’লে তেনে দম্পতিক জৰিমনা বা কাৰাদণ্ডৰ দৰে শাস্তি বিহা উচিত।

অভিনেত্রীৰ এই মন্তব্যৰ পাছতে সামাজিক মাধ্যমত একাংশ লােকে কংগনাক তীব্র কটাক্ষ কৰিছে। জনপ্রিয় কমেডিয়ান চাল’নী গৌড়ে কংগনাক মনত পেলাই দি কয় যে এই ব্যৱস্থা প্ৰৱৰ্তিত হলে কংগনাৰ পিতৃ-মাতৃয়েও কাৰাগাৰলৈ যাব লাগিব, কিয়নাে কংগনাৰাে ভ্রাতৃ-ভগ্নী তিনিজন।

অৱশ্যে চালনীক এই মন্তব্য প্রত্যুত্তৰ দি কংগনাই টুইটাৰত কয়, ‘বুৰ্বকৰ দৰে কথা নক’ব। মােৰ আজো ককাৰ আঠটা সন্তান আছিল, কিন্তু সেই সময়ত অনেকৰে মৃত্যু হৈছিল। সময়ৰ লগে লগে সলনি হ’ব লাগে। চীনৰ দৰে অবিলম্বে আমিও জনসংখ্যা নিয়ন্ত্রণত গুৰুত্ব দিয়া উচিত। এই সমস্যাসমূহ বুজিব পাৰিলে জীৱনত ভাল কাম কৰিব পাৰিব।’

Exit mobile version