অক্সিজেন সৰবৰাহত বাধা প্ৰদান কৰিলে দিয়া হ’ব ফাঁচী

সকীয়নি দিলে দিল্লী উচ্চ ন্যায়ালয়ে

2021 4largeimg 1559269599

ক’ভিড ৰোগীসকলৰ অক্সিজেন সৰবৰাহত গাফিলতি দেখিলে কেন্দ্ৰ, ৰাজ্য বা স্থানীয় স্তৰৰ কোনো আমোলাকেই ক্ষমা কৰা নহ’ব বুলি জনায় দিল্লী উচ্চ ন্যায়ালয়ে । প্ৰয়োজন সাপেক্ষে তেওঁক ফাঁচী প্ৰদান কৰা হ’ব বুলিও সকীয়নি দিয়ে ন্যায়ালয়ে । লগতে কেন্দ্ৰক স্পষ্টভাৱে জনাবলৈ নিৰ্দেশ দিয়ে যে, চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি দিল্লীয়ে ৪৮০ মেট্ৰিক টন অক্সিজেন কেতিয়া লাভ কৰিব ।

ভাৰতত ক’ভিড সংক্ৰমণৰ দ্বিতীয় ঢৌক ‘সুনামি’ আখ্যা দি আজি দিল্লী উচ্চ ন্যায়ালয়ে এটা গোচৰৰ পৰ্যৱেক্ষণ জনায়, চিকিৎসালয়সমূহত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন সৰবৰাহ হোৱা নাই । এই সৰবৰাহত ব্যাঘাত ঘটালে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰী কৰ্মী অথবা স্থানীয় প্ৰশাসনৰ কোনো কৰ্মকৰ্তাকে ক্ষমা কৰা নহ’ব বুলি জনায় ন্যায়ালয়ে ।

দিল্লীৰ জয়পুৰ গ’ল্ডেন হাস্পতালত অক্সিজেনৰ অভাৱত ২৫ জন ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া হয় । আজি পুৱাই বাটৰা হাস্পতালে জনায় যে তেওঁলোকৰ তাত তিনিশজন ক’ভিড ৰোগীৰ বাবে বিছনা আছে । কিন্তু হাস্পতালত অত্যধিক ২০ মিনিট প্ৰদান কৰিব পৰাকৈহে অক্সিজেন আছে । সেয়ে ক’ভিড ৰোগীসকলৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে জৰুৰীকালীন ব্যৱস্থাত অক্সিজেন প্ৰেৰণ কৰিবৰ বাবে আহ্বান জনায় হাস্পতাল কৰ্তৃপক্ষই ।

ইয়াৰ পৰিপ্ৰেক্ষিততে আজি দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰৰ পৰা জানিব বিচাৰিছে যে, কেতিয়া প্ৰতিশ্ৰুতি অনুসৰি ৪৮০ মেট্ৰিক টন ওজনৰ অক্সিজেন আহিব দিল্লী চৰকাৰৰ হাতত ।

Exit mobile version