গৰ্ভত সন্তান, ৰোজা ৰাখি ক’ভিড ৰোগীৰ চিকিৎসাত ব্ৰতী এগৰাকী নাৰ্ছ

Pregnant nurse in Surat continues her Covid 19 duty

চাৰি মাহৰ অন্তঃসত্ত্বা তাৰোপৰি দিনজোৰা ৰমজান মাহৰ ৰোজা, দুৰ্বল শৰীৰত যে সংক্ৰমণৰ সম্ভাৱনা অধিক ভালকৈ জানে সুৰতৰ ক’ভিড কেয়াৰ ইউনিটৰ নাৰ্ছ নেন্সিয়ে । কিন্তু এই সকলোবোৰে তেওঁৰ কৰ্তব্যপৰায়ণতা আৰু ৰোগীৰ প্ৰতি থকা দায়িত্ববোধক বাধা দিব পৰা নাই ।

নিজৰ সুৰক্ষাৰ কথা চিন্তা নকৰি নেন্সি আয়েছা মিস্ত্ৰীয়ে দিনে নিশাই সেৱা আগবঢ়াইছে ক’ভিড ৰোগীসকলক । সম্প্ৰতি তেওঁ সুৰতৰ অটল ক’ভিড-১৯ কেয়াৰ ইউনিটত কৰ্মৰত । নেন্সি চাৰি মাহৰ অন্তঃসত্ত্বা । লগতে ৰমজান মাহ । গোটেই দিন একো নোখোৱাকৈ থাকে তেওঁ । তৎস্বত্তেও প্ৰতিদিনে ক’ভিড কেন্দ্ৰত সাত-আঠ ঘণ্টা কাম কৰিছে নেন্সিয়ে ।

কৰ’নাৰ প্ৰথম ঢৌৰ সময়ছোৱাৰ পৰাই তেওঁ এই ক’ভিড কেন্দ্ৰত কৰ্মৰত । নিজৰ আৰু সন্তানৰ সুৰক্ষাৰ বাবে সম্পূৰ্ণ ক’ভিড বিধি অৱলম্বন কৰি চলিছে তেওঁ । নেন্সিয়ে কয়, ‘মোৰ গৰ্ভত সন্তান আছে । কিন্তু মোৰ বাবে দায়িত্ব‌ও গুৰুত্বপূৰ্ণ, ঈশ্বৰৰ কৃপাত পবিত্ৰ ৰমজান মাহত ম‌ই ৰোগীসকলৰ সেৱাত নিজকে নিয়োজিত কৰিছো । এইটো মোৰ বাবে আটাইতকৈ ডাঙৰ বৰদান ।’

Exit mobile version