ছৌদি আৰবৰ স্কুলতাে পঢ়োৱা হ’ব ৰামায়ণ-মহাভাৰত

হিন্দু-বৌদ্ধ ধর্মৰ বিষয়ে অন্তর্ভুক্ত হ’ব পাঠ্যক্ৰমত

shutterstock 111255560

প্রাচীন ভাৰতীয় সংস্কৃতিক কেন্দ্ৰ কৰি সমগ্র বিশ্বতে চর্চা হয়। আধুনিক জীৱন-যাপনত যােগাভ্যাস বা আয়ুর্বেদৰ গ্রহণযােগ্যতাও অত্যধিকভাৱে বৃদ্ধি পাইছে।

ADVERTISEMENT

বহু দেশৰ বিদ্যালয়তাে এই বিষয়বােৰ পঢ়োৱা হয়। এইবাৰ ভাৰতীয় সংস্কৃতি, যােগ বা আয়ুর্বেদক লৈ চর্চা হ’ব ছৌদি আৰবৰ বিদ্যালয়তাে। তেনে পৰিকল্পনাই কৰিছে ছৌদিৰ ৰাজকুমাৰ মহম্মদ বিন ছলমনে। ইতিমধ্যেই দেশখনত বহু সংস্কাৰ সাধন কৰা ৰাজকুমাৰ ছলমানৰ পৰিকল্পনা অনুসৰি স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰমত যথেষ্ট সালসলনি ঘটোৱা হৈছে।

এই পৰিকল্পনাৰ নাম দিয়া হৈছে।‘ ভিজন ২০৩০’৷ ইয়াত ভাৰতৰ উপৰি বিভিন্ন দেশৰ ইতিহাস, সংস্কৃতি সম্পর্কে শিক্ষার্থীসকলক এটা ধাৰণা দিয়া হ’ব। এই পৰিকল্পনা অনুসৰিয়ে ছৌদিৰ স্কুলৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত হ’ব ভাৰতৰ দুই মহাকাব্য ৰামায়ণ আৰু মহাভাৰত। ইয়াৰ লগতে যােগ আৰু আয়ুর্বেদ সম্পর্কীয় কিছু বিষয়ে পঢ়োৱা হ’ব।

লগতে হিন্দু আৰু বৌদ্ধ ধর্মৰ কিছু বিষয়ে পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰা হ’ব। কেৱল সেয়াই নহয়, ‘ভিজন ২০৩০’ত ইংৰাজী ভাষাৰ শিক্ষাও বাধ্যতামূলক কৰা হৈছে। এই পৰিকল্পনাৰ যােগেদিয়ে ছৌদি আৰবৰ শিক্ষা ব্যৱস্থাৰ দৃষ্টিভংগীলৈ আমূল পৰিৱৰ্তন সাধন হ’ব বুলি ধাৰণা কৰা হৈছে।

ইতিমধ্যে একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ছৌদিৰ বিদ্যালয়ৰ পাঠ্যপুথিৰ পাতৰ ফটো তুলি শ্বেয়াৰ কৰিছে। তাত দেখা গৈছে বিভিন্ন দেশৰ সংস্কৃতি কিদৰে ইতিমধ্যেই সােমাই পৰিছে ছৌদিৰ শিক্ষার্থীসকলৰ পাঠ্যপুথিত। সেই পাঠ্যপুথিত হিন্দুধর্ম, বৌদ্ধধর্ম, ৰামায়ণ, মহাভাৰত তথা ধৰ্মৰ দৰে বিষয়সমূহাে অন্তভুক্ত হৈছে।

Exit mobile version