দিল্লীসহ এই পাঁচ ৰাজ্যৰ লোকে বিমানযোগে পশ্চিমবংগ আহিলে লাগিব আৰটি পিচিআৰৰ ক’ভিড নিগেটিভ

New rules for domestic flight West Bengal

পাঁচ ৰাজ্যৰ পৰা পশ্চিমবংগ আহিলে বিমানযাত্ৰীৰ কৰ’নাৰ আৰটি-পিচিআৰ পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে।

ADVERTISEMENT

তথ্য অনুসৰি দিল্লী, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট আৰু ছত্তীশগড়ৰ পৰা বিমানযোগে কলকাতা বা ৰাজ্যৰ যিকোনো বিমানবন্দৰত অৱতৰণ কৰিলে দেখুৱাব লাগিব কৰ’নাৰ আৰটি-পিচিআৰ টেষ্টৰ নিগেটিভ ৰিপৰ্ট ।

ইয়াৰ পূৰ্বে, ৰাজ্য চৰকাৰে মহাৰাষ্ট্ৰ, কেৰালা, কৰ্ণাটক আৰু তেলেংগানাৰ পৰা কলকাতালৈ যোৱা বিমান যাত্ৰীসকলৰ বাবে কৰ’না আৰটি-পিচিআৰ পৰীক্ষা বাধ্যতামূলক কৰিছিল৷ ২৬ এপ্ৰিলৰ পৰা আৰু পাঁচখন ৰাজ্য ইয়াত যোগদান কৰা হৈছে৷

নিৰ্দেশনা জাৰী কৰা প্ৰতিখন ৰাজ্যতে কৰ’না পৰিস্থিতি যথেষ্ট বেয়া৷ যিহেতু এই ৰাজ্যতো কৰ’না ৰোগীৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে, ৰাজ্য চৰকাৰে এনে কঠোৰ পদক্ষেপ লবলৈ বাধ্য হৈছে কিয়নো ৰাজ্যখনত দৈনিক কৰ’না ৰোগীৰ সংখ্যা প্ৰায় ১৩হেজাৰলৈ উপনীত হৈছে ৷

Exit mobile version