পিপিই কিট পৰিধান কৰি বজাৰ গ’ল ৰাখি, দিলে সতৰ্ক হোৱাৰ বাৰ্তা

Rakhi Sawant 1

মহামাৰীৰ সময়তো ভৰপূৰ মনোৰঞ্জনৰ যোগান দিছে অভিনেত্ৰী ৰাখিয়ে ।এইবাৰ অভিনেত্ৰীগৰাকীয়ে ৰাজপথত অনুৰাগীসকলক কৰ’নাৰ বিষয়ে অৱগত হ’বলৈ এটা বাৰ্তা প্ৰেৰণ কৰিলে।

ADVERTISEMENT

এনেকোৱা কি কৰিলে ৰাখিয়ে ?

অভিনেত্ৰীগৰাকীয়ে যি কৰিছিল সেইয়া দেখি আচৰিত সকলো। পিপিই কিট পিন্ধি পাচলি বজাৰলৈ গৈছে ৰাখি সাৱন্ত। এনেদৰেই বলীউডৰ ‘ড্ৰামা কুইন’য়ে ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ নিজকে সুৰক্ষা কৱচত মেৰিয়াই তেওঁৰ দৈনন্দিন কাম কৰি আছে।

বেঙেনা, বিলাহী, আপেল আৰু আন কিছুমান অত্যাৱশ্যকীয় খাদ্য কিনিছে ৰাখিয়ে ।বজাৰ কৰোঁতেই অভিনেত্ৰীগৰাকীয়ে বিক্ৰেতাক মাস্ক পৰিধান কৰিবলৈও আহ্বান জনায়।

ৰাখিৰ এই চাৰি মিনিটৰ ভিডিঅ’টো তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল।তাত কোৱা হৈছে, ‘অনুগ্ৰহ কৰি সাৱধান হওক। পিপিই কিট পিন্ধিব আৰু য’ত বিচাৰে তাতে যাব’।ৰাখিৰ এই কাণ্ড উপভোগ কৰিছে তেওঁৰ সহকৰ্মীসকলেও ।

Exit mobile version