অক্সিজেন টেংকী বিস্ফোৰণৰ ফলত বাগদাদৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ২৭জন কৰ’না ৰোগী

6b147afb2720755746bd7d232234d437

চিকিৎসালয়খনত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত মৃত্যু কমেও ২৭ জন কৰ’না ৰোগীৰ । ঘটনাটো শনিবাৰে নিশা ইৰাকৰ দক্ষিণ-পূব বাগদাদৰ এখন চিকিৎসালয়ত সংঘটিত হয়।

এই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল সকলো কৰ’না ৰোগী । চিকিৎসালয়ত জুই লাগি মৃত্যু হৈছে একাধিক ৰোগী । ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আন ৪৬ জন লোক।

তথ্য অনুসৰি চিকিৎসালয়খন বাগদাদৰ দিয়ালা দলঙৰ ওচৰৰ আইবিএন খাতিব চিকিৎসালয় নামে পৰিচিত । শনিবাৰে এটা অক্সিজেন টেংক বিস্ফোৰণ হোৱাৰ পাছতে অতি সোনকালেই চিকিৎসালয়খনত জুই বিয়পি পৰে।

চিকিৎসালয়ৰ পৰা জুইত জ্বলি যোৱা একাধিক ৰোগীক আন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। ঘটনাত ক্ষতিগ্ৰস্ত নোহোৱা ৰোগীসকলকো আন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

ইৰাকৰ অসামৰিক প্ৰতিৰক্ষা প্ৰধানে কয় যে চিকিৎসালয়ৰ পালমোনাৰী ইনটেনচিভ কেয়াৰ ইউনিটত প্ৰথম জুই লাগিছিল। তাত ভৰ্তি হয় থকা প্ৰতিজন ৰোগীৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা হৈছিল । ১২০ জন লোক ভৰ্তি আছিল সেই বিভাগটোত । তাৰ মাজৰে পৰা ৯০ জন লোকক উদ্ধাৰ কৰা হয় যদিও তাৰে মাজৰ বহুত লোকৰ মৃত্যু হয়।

https://twitter.com/thestevennabil/status/1386082639396757509?s=20

Exit mobile version