ঋণ লৈ খেতি কৰি বিপদত পৰিছে চিৰাঙৰ কৃষকসকল

চিৰাঙৰ বিজনীৰ উত্তৰে লক্ষীঝোৰাত বিঘাই বিঘাই কৃষি কৰি বিপাঙত কৃষক । কৰ’নাৰ বাবে উপযুক্ত বজাৰ লাভ কৰা নাই কৃষকে। বাহিৰৰ পৰা বেপাৰী অহা নাই কৃষকৰ উৎপাদিত পাচলি কিনিবলৈ ।

কেইজনমান কৃষকে আকৌ চৰকাৰী ঋণ লৈ খেতি কৰিছে যদিও সম্প্ৰতি তলাবন্ধ হোৱাৰ ভয়তে খেতি আধা কৰি আধাতে সামৰিবলগীয়া হৈছে ।

জিলাখনত কৃষি বিভাগ নামত আছে যদিও কৃষকৰ কোনো কামতে অহা নাই। অভিযোগ অনুসৰি কৃষকৰ কৃষিত বেমাৰ ধৰিছে যদিও কৃষি ভূমিত কিটনাশক প্ৰদানৰ সুবিধা বা পৰামৰ্শ লাভ কৰা নাই কৃষকে।

কৃষকে কৃষি বিভাগক আহ্বান জনায় যে, আহক চাওক আমি খেতি কৰিলো নে আন কিবা ? কি ধৰণে খেতি কৰিলো ? পৰামৰ্শৰ আশা কৰে খেতিয়কসকলে।

লক্ষীঝোৰা গাঁৱৰ ৰবিন্দ্ৰ মণ্ডলে ১৫ বিঘাৰ বিভিন্ন খেতি কৰিছে, আনন্দ মণ্ডলৰ ১২ বিঘা আৰু সুমন্ত মণ্ডলৰ ন বিঘাৰ কৃষিভূমি । চৰকাৰলৈ আহ্বান কৃষকৰ বাবে ব্যৱস্থা কৰক । অন্যথা বিভিন্ন সমস্যাত উপায়ান্তৰ হৈছে কৃষকসকল ।

Exit mobile version