কৰ’নাৰ সময়ত শৰীৰৰ অক্সিজেনৰ অভাৱ পূৰণ কৰিবলৈ এই খাদ্যবোৰ নিয়মীয়াকৈ খাওক

fruits and vegetables

কৰ’নাৰ দ্বিতীয় ঢৌৰ প্ৰভাবে দেশখনত এক সংকটৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে মৃত্যুৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। দ্বিতীয় ঢৌত চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকল শ্বাস-প্ৰশ্বাসৰ সমস্যাত অধিক ভুগি আছে। দ্বিতীয় তৰংগৰ চিকিৎসা কৰোঁতে চিকিৎসকসকলে লক্ষ্য কৰিছিল যে এই মুহূৰ্তত গুৰুতৰ জটিলতা হৈছে শৰীৰত অক্সিজেনৰ স্তৰ হ্ৰাস হোৱা।

সেয়েহে, অক্সিজেন সমৃদ্ধ খাদ্য খোৱা প্ৰয়োজন। কিন্তু আপুনি কি খাদ্যৰ পৰা অক্সিজেন পাব, জানেনে ? অন্যান্য পাচলিৰ দৰে, ইয়াত যথেষ্ট অক্সিজেন থাকে ব্ৰকলিত । ইয়াৰ লগতে অতিৰিক্ত ওজন হ্ৰাস কৰাত সহায় কৰে ব্ৰকলিয়ে।

নহৰু: বহুলোকে ৰাতিপুৱা উঠি খালী পেটত কেঁচা নহৰুৰ এটা লং খোৱাৰ পৰামৰ্শ দিয়ে। ই শৰীৰক পৰ্যাপ্ত অক্সিজেন প্ৰদান কৰে আৰু শৰীৰটো স্বাস্থ্যৱান ৰাখে।

ৰঙা আলু আৰু মিঠা আলু কিন্তু চৰ্বি কাটাৰ। ইয়াত যথেষ্ট পৰিমাণৰ অক্সিজেন থাকে যি আমাৰ শৰীৰত অক্সিজেনৰ অভাৱ পূৰণ কৰাত সহায় কৰে।

আপোনাৰ শৰীৰ স্বাস্থ্যৱান ৰাখিবলৈ কেলচিয়াম, পটাছিয়াম, ছডিয়াম, ভিটামিন চি, আইৰণ, জিংক, ভিটামিন এ, অ’, কে আদিৰ প্ৰয়োজন। এই সকলোবোৰ উপাদানৰ বাবে পালেং খাওক । ইয়াত সকলো একে লগে পাব।

আপোনাৰ দৈনন্দিন আহাৰত এমুঠি বাদাম যোগ দিয়ক। সন্ধিয়া ভোক লাগিলে কেইটামান বাদাম বা কাজু-কিচমিচ খাব, তেলেতীয়া বা সংসাধিত খাদ্য নোখোৱাকৈ। ই শৰীৰক পুষ্টি প্ৰদান কৰাৰ লগতে অক্সিজেনৰ স্তৰ বৃদ্ধি কৰিব।

গ্ৰীণ টিয়ে আমাৰ শৰীৰত মেটাবলিজমৰ মাত্ৰ সঠিক কৰাত সহায় কৰে। ফলস্বৰূপে, শৰীৰত অক্সিজেনৰ কোনো অভাৱ নহয়, লগতে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰে আৰু শৰীৰটো পৰিষ্কাৰ অনুভৱ কৰায়।

যদি আপুনি প্ৰতিদিনে খাদ্যত এক বাটি টেঙা দৈ যোগ দিয়ে, পৰ্যাপ্ত অক্সিজেনও আপোনাৰ শৰীৰত উপনীত হয়।

গজা দাইল বা কেঁচা বুট খোৱাটো শৰীৰৰ বাবে অতি ভাল। যিহেতু ইয়াত যথেষ্ট আঁহ থাকে, গজা বুটৰ গজাই শৰীৰটো ভিতৰৰ পৰা স্বাস্থ্যৱান ৰখাত সহায় কৰে। ই বিষাক্ত পদাৰ্থ উলিওৱাত সহায় কৰে আৰু শৰীৰত অক্সিজেনৰ অভাৱ পূৰণ কৰাত সহায় কৰে।

Exit mobile version