শ্ৰীৰামপুৰ আন্ত: ৰাজ্যিক তালাচী চকীত পৰীক্ষা কেন্দ্ৰত প্ৰথম দিনতে আঠজন লোক ক’ভিড পজিটিভ

WhatsApp Image 2021 04 25 at 4.53.44 PM

কোভিড-১৯ৰ ভয়াবহতা ৰোধ কৰাৰ উদ্দেশ্যেৰে অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ আন্তঃ ৰাজ্যিক তালাচী চকীত ব্যৱস্থা কৰা ক’ভিড পৰীক্ষা কেন্দ্ৰত প্ৰথম দিনতেই আঠজন লোকৰ দেহত ধৰা পৰিল কৰ’না ভাইৰাছৰ উপস্থিতি ৷ কালি বিয়লিৰ পৰা বহিঃ ৰাজ্যৰ পৰা অহা পাঁচ শতাধিক লোকৰ পৰীক্ষা কৰা হয় ৷ ইয়াৰে মহিলাসহ আঠজন লোকৰ দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰে ৷

ADVERTISEMENT

উল্লেখ্য যে ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পোৱা সংক্ৰমণ ৰোধ কৰিবৰ বাবে ৰাজ্য চৰকাৰে কেতবৰ নতুন নতুন নীতি নিৰ্দেশনা জাৰি কৰিছিল যদিও বহিঃ ৰাজ্যৰ পৰা অহা লোকসকলৰ পৰীক্ষাৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল ৷ ফলত অনায়াসে অসমত প্ৰৱেশ কৰি আছিল বহিঃ ৰাজ্যৰ লোকসকল ৷

অৱশ্যে কালিৰে পৰা শ্ৰীৰামপুৰ আন্তঃ ৰাজ্যিক তালাচী চকীত পৰীক্ষাৰ ব্যৱস্থা কৰা হয় আৰু প্ৰথম দিনতেই আশংকা কৰা মতে আঠজন লোকৰ দেহত কৰ’না ধৰা পৰে । অৱশ্যে প্ৰাথমিক পৰ্যায়ত বাছৰ যাত্ৰী তথা চাৰি চকীয়া বাহনৰ যাত্ৰীসকলৰহে পৰীক্ষা কৰা হৈ আছে ৷ ট্ৰাক চালকৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হোৱা নাই ৷

Exit mobile version