প্লাজমা কোনে দিব পাৰিব কোনে নোৱাৰে ! সেই ক্ষেত্ৰত গাইডলাইন প্ৰকাশ কৰিলে কেন্দ্ৰই

147950 plasma

কৰ’নাৰ দ্বিতীয় ঢৌয়ে সমগ্ৰ দেশতে এক হাহাকাৰ সৃষ্টি কৰিছে। যোৱা ২৪ ঘণ্টাত ভাৰতত দৈনিক ঘটনাৰ সংখ্যা ৩.৫২ লাখ অতিক্ৰম কৰিছে। মৃত্যু হৈছে ২৮০ জনৰো অধিক লোকৰ । আক্ৰান্তসকলৰ বাবে অক্সিজেন আৰু চিকিৎসালয়ৰ বিচনাৰো অভাৱ হৈছে। আক্ৰান্তসকলে সঠিক প্লাজমা পোৱাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰই এক নিৰ্দেশনা মুকলি কৰিছে।

নিৰ্দেশনাটো কৰ’নাৰ পৰা আৰোগ্য হোৱা সকলৰ বাবে যিসকলে কৰ’নাত আক্ৰান্ত ৰোগীক প্লাজমা দান কৰিব বিচাৰে। কি আছে এই গাইডলাইনত ?

(১) যিদিনা আপুনি প্লাজমা দান কৰে, আপুনি যোৱা চাৰি মাহৰ ভিতৰত কৰ’না নিগেটিভ ৰিপৰ্ট (আৰটি-পিচি)দিব লাগিব। প্লাজমা দান কৰাৰ সময়ত আধাৰ কাৰ্ড লৈ যাব লাগিব।

(২) কৰ’না ৰিপৰ্ট অহাৰ ১৪ দিন পাছত বা লক্ষণবোৰ দেখা দিয়াৰ ১৪ দিন পাছত প্লাজমা দান কৰিব পাৰি। ১৪ দিনৰ আগতে নহয়।

(৩) গৰ্ভৱতী মহিলাসকলে ক’ভিড ১৯ -ৰ প্লাজমা দান কৰিব নোৱাৰে।

(৪) ভেকছিন গ্ৰহণ কৰা ব্যক্তিজনে পৰৱৰ্তী ২৮ দিনৰ বাবে প্লাজমা দান কৰিব নোৱাৰিব।

(৫) যদি তেজত পৰ্যাপ্ত এণ্টিবডী নাথাকে, আপুনি প্লাজমা দান কৰিব নোৱাৰে।

(৬) যদি প্লাজমা দিয়াৰ আগতে আৰু কোনো তথ্য জানিবলৈ থাকে, প্ৰথমে চিকিৎসালয়ৰ স’তে যোগাযোগ কৰক ।

ভাৰতে দৈনিক ভুক্তভোগীৰ সংখ্যাৰ ক্ষেত্ৰত এক অভিলেখ গঢ়িছে। লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। কৰ’নাত আক্ৰান্ত সংখ্যাৰ ক্ষেত্ৰত ভাৰত ইতিমধ্যে বিশ্বতালিকাত দ্বিতীয় স্থানত আছে। দেশত দৈনিক সংক্ৰমণৰ সংখ্যা আকৌ এবাৰ তিনি লাখ অতিক্ৰম কৰিছে৷ এইটো একেৰাহে ৫ দিন৷ যোৱা ২৪ ঘণ্টাত ৩,৫২,৯৯১ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৷

Exit mobile version