ক’ভিডৰ সংক্ৰমণৰ দ্বিতীয় ঢৌত সন্তানক কিদৰে সুৰক্ষিত ৰাখিব ?

GettyImages 1207650868

কৰ’না আক্রান্ত বিশ্বত ২০২০ বৰ্ষত শিশুসকল এই অতিমাৰী সৃষ্টিকাৰী ভাইৰাছত সবাতােকৈ কম সংক্রমিত হৈছিল। ক’ভিডৰ সংক্ৰমণৰ দ্বিতীয় ঢৌত দেশত এতিয়ালৈকে শিশুসকল কম পৰিমাণে প্ৰভাৱিত হৈছে।

কিন্তু এইবাৰ যুৱ প্রজন্মৰ মাজত ক’ভিডৰ সংক্রমণ প্ৰথমবাৰৰ তুলনাত অধিক হৈছে। তদুপৰি ডাবল মিউটেন্ট’ আৰু ত্রিপল মিউটেন্ট’ ক’ভিড ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা শিশুসকলাে প্ৰভাৱিত হােৱাৰ শংকা প্রকট হৈছে। ফর্টিছ হাস্পতালৰ শিশুৰােগ বিশেষজ্ঞ ডাঃ জেছল শেঠে প্রকাশ কৰা মতে, শিশুৰ মাজত ক’ভিড সংক্ৰমণৰ পাতল লক্ষণ প্রত্যক্ষ হৈছে আৰু বহু শিশুৱে অজানিতে এই ভাইৰাছৰ বাহকত পৰিণত হৈছে।

কেনে লক্ষণ প্রকট হলে আপােনাৰ শিশুটি কৰ’নাৰ কবলত পৰা বুলি অনুমান কৰিব পাৰিব? এই প্রশ্নৰ উত্তৰত ডাঃ শেঠে কয়,’শিশুৰ ক্ষেত্ৰত পেট, তলপেটৰ সমস্যা, দুর্বলতা, জ্বৰ, শ্বাস-প্রশ্বাসৰ সমস্যা বৃদ্ধি, শুকান কাহ হৈছে কনা সংক্রমণৰ এক প্রাথমিক লক্ষণ। শিশুৰ মাজত এনে লক্ষণে দেখা দিলে অবিলম্বে সতর্কতা অৱলম্বন কৰা উচিত। চিকিৎসকৰ স’তে পৰামর্শ লােৱা আৰু ক’ভিড-১৯ৰ পৰীক্ষণ কৰাও প্রয়ােজন।

তদুপৰি শিশুসকলক মাস্ক পৰিধান, সামাজিক দূৰত্ব অৱলম্বন আৰু ছেনিটাইজাৰৰ ব্যৱহাৰৰ প্রতি আগ্রহী কৰােৱা জৰুৰী।চিকিৎসকজনে লগতে কয় যে ক’ভিডৰ এই পৰিস্থিতিত শিশুক অতি জৰুৰী নহ’লে ঘৰৰ বাহিৰলৈ যাবলৈ বা আন ব্যক্তিৰ সংস্পৰ্শলৈ অহাত বাধা দিয়া উচিত। বন্ধুৰ স’তে খেলা-ধূলা,হাঁহি-ফুর্তিত অংশ লােৱাও এই সময়ছােৱাত উচিত নহয়।

স্বাস্থ্য বিধি মানি চলিবলৈ শিশুক বাধ্য কৰাব লাগিব। তদুপৰি শিশুক মুখমণ্ডল স্পর্শ, নাক, মুখ আদিম্পৰ্শৰ পৰা বিৰত থাকিবলৈ পৰামর্শ দিব লাগে। চাবােনৰে সঘনাই হস্ত পক্ষালন কৰাৰ অভ্যাস কৰিব লাগিব। তদুপৰি শিশুটিয়ে যাতে পুষ্টিকৰ আহাৰ, গাখীৰ, মাছ-মাংস, প্ৰটিন,শাক-পাচলি, ফলমূল আদিৰ যােগান লাভ কৰিব পাৰে; ক’ভিড পৰিস্থিতিত এই দিশৰ প্ৰতি পৰিয়ালৰ লােকে লক্ষ্য ৰখা জৰুৰী।

শিশুৰ শৰীৰত ক’ভিডৰ উপসৰ্গই দেখা দিলে চিকিৎসকৰ পৰামর্শ গ্রহণৰ লগতে তেনে শিশুক আছুতীয়াকৈ ৰখা উচিত।

Exit mobile version