কৰ’না সংক্ৰমণৰ দ্বিতীয় ঢৌৰ পৰা পলায়ন কৰিবলৈ ভাৰতৰ পুঁজিপতিসকলে হেজাৰ হেজাৰ ডলাৰ ব্যয় কৰিছে ব্যক্তিগত বিমানসমূহত

indias richest people are fleeing on private jets as the country hits almost 350000 covid 19 infections in another daily global record

সম্প্ৰতি ব্যক্তিগত বিমানসমূহৰ চাহিদা বৃদ্ধি পাইছে, কাৰণ এই বিমানসমূহৰ ব্যয় বহন কৰিব পৰা ভাৰতীয়সকলে কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছে ।

প্ৰতিদিনে ভাৰতত দৈনিক ক’ভিড সংক্ৰমণে বিশ্ব অভিলেখ গঢ়াৰ বাবে ভাৰতৰ পুঁজিপতিসকলে হেজাৰ হেজাৰ ডলাৰ ব্যয় কৰিছে দেশৰ পৰা পলায়ন কৰিবলৈ ।

বিগত সপ্তাহত ভাৰত ভাইৰাছৰ নতুন কেন্দ্ৰস্থল হৈ পৰিছে, যিয়ে দেশৰ স্বাস্থ্য সেৱা আৰু শ্মশানবোৰক সম্পূৰ্ণ গ্ৰাস কৰিছে আৰু অক্সিজেনৰ নাটনিৰ সৃষ্টি কৰিছে ।

স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি, কালি ভাৰতত ৩,৪৯,৬৯১ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ২,৭৬৭ জন লোকে প্ৰাণ হেৰুৱাইছে । দৈনিক সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ বাবে বিভিন্ন দেশে ভাৰতৰ ভ্ৰমণকাৰীসকলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ।

উদ্বেগজনক হাৰত সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে ভাৰতীয় পুঁজিপতিসকলে শেষ মুহূৰ্তৰ বিমানৰ বাবে হেজাৰ হেজাৰ ডলাৰ ব্যয় কৰিবলৈ মান্তি হৈছে । এনে পৰিস্থিতিত পুঁজিপতিসকলৰ জনপ্ৰিয় গন্তব্যস্থল হৈ পৰিছে সংযুক্ত আৰৱ আমিৰাত । আমিৰাতেই হৈছে এনে এখন দেশ যি ভাৰতৰ পৰা কিছু দূৰতেই অৱস্থিত আৰু প্ৰায়েই শ শ বিমানে তালৈ পৰিবহণ কৰে । সংযুক্ত আৰৱ আমিৰাতে ২৫ এপ্ৰিলৰ পৰা ১০ দিনৰ বাবে ভাৰতীয় ভ্ৰমণকাৰীসকলক দেশত প্ৰৱেশ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে ।

এয়াৰ চাৰ্টাৰৰ এজন মুখপাত্ৰ‌ই কয় যে, ব্যক্তিগত বিমানসমূহৰ প্ৰতি উন্মত্ত হাৰত ৰুচি বৃদ্ধি পাইছে । অহা কালি আমাৰ ডুব‌ই লৈ যাবলগীয়া ১২খন বিমানে প্ৰায় ভৰ্তি হৈ পৰিছে ।

আন এক ব্যক্তিগত সংস্থা এনথ্ৰেল এভিয়েছনৰ মুখপাত্ৰ‌ই জনায় যে, বিগত কিছুদিন ধৰি বিমানৰ বাবে শতাধিক সোধ-পোছ চলি আছে । আমি চাহিদা পূৰণ কৰিবৰ বাবে বিদেশৰ পৰা আৰু বিমান বিচাৰিছো । মুম্বাইৰ পৰা দিল্লীলৈ ১৩ জনীয়া বিমানৰ বাবে ব্যয় হ’ব ৩৮ হেজাৰ ডলাৰ আৰু ছয়জনীয়া বিমানৰ বাবে ব্যয় হ’ব ৩১ হেজাৰ ডলাৰ ।

তেওঁ লগতে কয় যে, লোক সকলে বিমানৰ ব্যয় বহন কৰিবৰ বাবে দল গঠন কৰিছে । থাইলেণ্ডৰ বাবে কিছু লোকে আগ্ৰহ প্ৰকাশ কৰিছে যদিও অধিক সংখ্যকেই ডুবাইৰ ।

বিদেশ ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰা ব্ৰিটেইনত বিগত ২৪ ঘণ্টাত ভাৰতৰ আঠখন বিমান ৰাওনা হয় । সূত্ৰ অনুসৰি, এই ন ঘণ্টীয়া বিমানৰ বাবে এক লাখ ৩৮ হেজাৰ ডলাৰৰো অধিক ব্যয় কৰিবলগীয়া হৈছে ।

Exit mobile version