বোকাজানত বালিৰ ট্ৰাক আৰু তেল টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ

গাড়ীৰ ভিতৰতে জ্বলি চাই হৈ গ'ল টেংকাৰ চালক

WhatsApp Image 2021 04 28 at 7.15.24 PM

বোকাজান থানাৰ অন্তৰ্গত সৰিয়হজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ ঘটনাৰ বিৱৰণী মতে, ডিমাপুৰ দিশে আহি থকা এখন বালি ভৰ্তি ট্ৰাক আৰু বিপৰীত দিশৰ পৰা অহা এখন তেল টেংকাৰৰ মাজত মুখামুখিকৈ খুন্দা খোৱাৰ লগে লগেই টেংকাৰখন দাউ দাউকৈ জ্বলি উঠে ৷

ADVERTISEMENT

অতৰ্কিতে জুইৰ লেলিহান শিখাই আৱৰি ধৰা টেংকাৰখনৰ চালকে বাহিৰলৈ ওলাই আহিবলৈও সক্ষম নহ’ল আৰু গাড়ীতে জ্বলি চাই হৈ যায় ৷ পাছত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

চালকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ৷ ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

Exit mobile version