১৫ দিনলৈ বৃদ্ধি কৰা হ’ল মহাৰাষ্ট্ৰৰ তলাবন্ধৰ ম্যাদ

গ'ৱাত পাঁচ দিনৰ কঠোৰ সুৰক্ষা বিধি ঘোষণা

1618034833 image 23

তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰা হ’ল মহাৰাষ্ট্ৰত । নতুনকৈ তলাবন্ধ ঘোষণা কৰিছে গ’ৱাও ।

আজি মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী ৰাজেশ টোপে জনায়, পুণেসহ ৰাজ্যৰ বহু কেইখন চহৰত সোমবাৰৰ পৰা সংক্ৰমণ বৃদ্ধি পাইছে । সেয়ে ১৫ দিনৰ বাবে তলাবন্ধ বৃদ্ধি কৰা হৈছে উদ্ধৱ ঠাকৰেৰ ৰাজ্যত ।

আজি গ’ৱা প্ৰশাসনেও তলাবন্ধ ঘোষণা কৰে । কালিৰ পৰা আগন্তুক সোমবাৰৰ পুৱা লৈকে গ’ৱাৰ কেচিন’, হোটেল আৰু পাব বন্ধ থাকিব বুলি গ’ৱা চৰকাৰে । বৰ্ধিত সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । হোটেলৰ ৰন্ধনশালি খোলা থাকিব বুলি জনায় গ’ৱা চৰকাৰে ।

Exit mobile version