প্রতিষেধক ল’বলৈ কৰাব লাগিব অনলাইন পঞ্জীয়ন

co win app 2

দেশত ক’ভিডৰ তৃতীয় পর্যায়ৰ প্রতিষেধক প্রদান অভিযান অহা পহিলা মে’ৰ পৰা আৰম্ভ হ’ব। কিন্তু এইবেলি প্রতিষেধক গ্রহণৰ বাবে সকলােৱে অনলাইনযােগে নাম পঞ্জীয়ন কৰাব লাগিব।

ADVERTISEMENT

পহিলা মে’ৰ পৰা দেশত ১৪-৪৪ বছৰ বয়সীয়া সকলাে নাগৰিকে ক’ভিড প্রতিষেধক লাভ কৰিব। ইয়াৰ বাবে প্রতিষেধক ল’ব বিচৰা ব্যক্তিয়ে নিজৰ নাম প্রথমে আৰােগ্য সেতু অথবা ক’উইন প’র্টেলত অনলাইনত পঞ্জীয়ন কৰাব লাগিব।

বুধবাৰে পৰা অনলাইনত নাম পঞ্জীয়ন প্রক্রিয়া আৰম্ভ হৈছে। নাম পঞ্জীয়নৰ বাবে নিজৰ চৰকাৰীভাৱে স্বীকৃত পৰিচয়পত্ৰৰ কপিৰ লগতে পাছপ’র্ট আকাৰৰ ফটোগ্রাফ জমা দিব লাগিব।

আধাৰ কার্ড, গাড়ীচালকৰ অনুজ্ঞাপত্র, স্বাস্থ্য বীমাৰ স্মার্ট কার্ড, এম জি এনৰেগা কার্ড, পেন কার্ড, বেংক/ডাকঘৰৰ পাছবুক, পাৰপত্র, পেঞ্চনৰ নথিপত্র,ভােটাৰ পৰিচয়পত্ৰ আদি পৰিচয়পত্র হিচাপে জমা দিব লাগিব।

পঞ্জীয়নৰ পাছত ব্যক্তিক নির্দিষ্ট দিনত নির্দিষ্ট স্বাস্থ্য কেন্দ্রত প্ৰতিষেধক গ্রহণৰ বাবে নিমন্ত্রণ জনােৱা হ’ব।

Exit mobile version