বিশ্বৰ ১৭ খন দেশলৈ বিয়পিল কৰ’নাৰ ভাৰতীয় ষ্ট্রেন : ‘হু’ৰ তথ্য

photo 4

ভাৰতত ধৰা পৰা কৰ’নাৰ শেহতীয়া ‘ষ্ট্রেন’ অর্থাৎ প্রজাতিৰ সংক্রমণে বিশ্বৰ কমেও ১৭ খন দেশক প্ৰভাৱিত কৰিলে। ডাবল- ত্রিপল মিউটেন্ট অর্থাৎ দ্বি-ত্রি অভিযােজিত কৰ’নাৰ ভাইৰাছৰ সংক্রমণে ভাৰতক শেহতীয়াভাৱে সর্বাধিক প্রভাৱিত কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰা মতে, কৰ’নাৰ এই ভাৰতীয় ‘ষ্ট্রেন’ কেৱল দেশতে আবদ্ধ থকা নাই,বিশ্বৰ কমেও ১৭ খন দেশলৈ ‘ভাৰতীয় ষ্ট্রেন’ৰ সংক্রমিত হৈছে। ভাৰতত ধৰা পৰা এই ‘ষ্ট্রে’ন’ অধিক মাৰাত্মক বুলিও হুৱে অৱগত কৰে।

ক’ভিডৰ ‘বি.১.৬১৭’ প্রজাতিৰ প্রথম সন্ধান ভাৰতত লাভ কৰা হৈছিল।এই প্রজাতিৰ অভিযােজন ক্ষমতা যথেষ্ট হােৱাৰ ফলত এই মাৰণ ভাইৰাছক নিয়ন্ত্রণ কৰাটো বাস্তৱত সম্ভৱ নহয়।

হু’ৰ শেহতীয়া তথ্য অনুসৰি ভাৰতীয় প্ৰজাতিৰ কৰ’না কমেও ১৭ খন দেশলৈ সংক্রমিত হৈছে আৰু ইয়াৰ মাজত আমেৰিকা, ব্রিট্রেইন, ছিংগাপুৰ আদি দেশে আছে। ভাৰতীয় প্রজাতিৰ এই ভাইৰাছ বাৰে বাৰে অভিযােজিত হােৱাৰ ফলত দৰৱ, বেজী আৰু প্রতিষেধকৰ কোনােটোৱে এশ শতাংশ কার্যকৰী হােৱা নাই।

Exit mobile version