যােগীৰ ৰাজ্যত কৰ’নাৰ একমাত্র ইতিবাচক দিশ হৈছে সম্প্রীতি

ধৰ্মৰ বেৰা ভাঙি এদল যুৱক ব্যস্ত শেষকৃত্যত

no paribartan in west bengal under tmc yogi adityanath

কঠিন সময়ত ধৰ্মৰ বেৰা অতিক্রম কৰি মানৱতাৰ বন্ধন অধিক সবল কৰিলে এদল মুছলমান যুৱকে। ৰমজানৰ নিয়ম পালন কৰিও পিপিই কিট পৰিধান কৰি ক’ভিডত মৃত্যু হােৱা হিন্দু ৰােগীৰ সৎকাৰত উদ্যোগী হৈ পৰিছে এইসকল যুৱক।

ক’ভিডৰ হাহাকাৰৰ সময়তাে দেশৰ বিভিন্ন প্ৰান্তত দেখা এনে দৃশ্যই এতিয়া জীয়াই থকাৰ অক্সিজেনত পৰিগণিত হৈছে। ইয়াৰ অন্যতম দৃষ্টান্ত দেখা গ’ল উত্তৰপ্ৰদেশৰ লক্ষ্ণৌত৷ ৩৩ বছৰীয়া ইমদাদ ইমান হৈছে এজন গ্রাফিক ডিজাইনাৰ তথা এখন দোকানৰ গৰাকী।

লক্ষৌৰ মকবৰা গােলগঞ্জৰ নিবাসী ইমদাদে আন ২২জন সংগীৰ স’তে এই পর্যন্ত সাতজন হিন্দু লােকৰ মৃতদেহ সৎকাৰ কৰিছে। লগতে সাহায্য কৰিছে ৩০জন মুছলমানৰ শেষকৃত্যতাে। মৃত লােকসকলৰ অধিকাংশৰে আত্মীয় এই চহৰত নাথাকে।

সেয়ে তেওঁলােকৰ অন্তিম যাত্ৰাত ইমদাদৰ দলেই হৈ উঠিছে প্রধান ভৰসা। এই সন্দৰ্ভত ইমদাদে কয়, এইসকলৰ অধিকাংশৰে আত্মীয়-স্বজন এই চহৰত নাথাকে।কেইজনমানৰ আত্মীয় আছে যদিও তেওঁলােকো গুৰুতৰভাৱে অসুস্থ ।

এজনৰ মৃত্যুৰ খবৰতাে তেওঁৰ প্রতিবেশীৰ পৰাহে পাইছিলাে। উল্লেখ্য যে ক’ভিড পৰিস্থিতিত যােৱা বছৰৰ পৰাই যুৱকজনে মৃতকৰ অন্তিম সংস্কাৰত কাষত থিয় দিছিল। ইয়াৰ বাবে তেওঁ গঠন কৰি লৈছে ‘ক’ভিড-১৯ তদফিন কমিটী’। ইপিনে,প্রয়াগৰাজতাে দেখা গৈছে অনুৰূপ দৃশ্য।

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ যুগ্ম পঞ্জীয়ক হেম সিঙে প্রায় এসপ্তাহৰ পূর্বে বন্ধু ছিৰাজক ফোন কৰি জনাইছিল যে তেওঁ কৰ’নাত আক্রান্ত হৈছে। ইয়াৰ পাছতে সিং হাস্পতালত ভর্তি হ’লেও তেওঁৰ মৃত্যু হয়। কিন্তু সিঙৰ মৃত্যুৰ পাছত সংক্রমণৰ আশংকাত তেওঁৰ আত্মীয়ই শেষকৃত্যত অংশ ল’বলৈ ৰাজি হােৱা নাছিল।

শেষত চাৰিশ কিলােমিটাৰ দূৰত্বৰ পৰা আহি সিঙৰ শেষকৃত্য সম্পন্ন কৰে ছিৰাজে। ইপিনে, ইছলামিক মাদ্রাছা মডার্ণাইজেচন টিচাৰ্ছ এছ’চিয়েন অৱ ইণ্ডিয়াই উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্রী যােগী আদিত্যনাথক প্রস্তাৱ দিছে যে ৰাজ্যৰ সকলােবােৰ মাদ্রাছা ক’ভিড সেৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

দেশৰ স্বাৰ্থত মাদ্ৰাছাৰ শিক্ষকসকলে কৰ’না যােদ্ধাৰূপে কাম কৰাত আগ্রহী বুলিও সংগঠনটোৱে জনাইছে। আনহাতে, মধ্যপ্রদেশৰ ৰাইচেন জিলাৰ মাণ্ডিদ্বীপ অঞ্চলত মুছলমানসকলে ঈদগাহৰ পাঁচ একৰ ভূমি এৰি দিছে ক’ভিড কেন্দ্র স্থাপনৰ বাবে।

সম্প্রতি মধ্যপ্রদেশৰ বিদিশাতাে হিন্দু মৃতকৰ সৎকাৰ কৰিবলৈ মুছলমান যুৱকৰ দল আগবাঢ়ি অহা দেখা গৈছে।গুজৰাটৰ বডােডৰাতাে মুছলমানসকলৰ উদ্যোগত এটা মছজিদক ক’ভিড হাস্পতালত পৰিণত কৰা হৈছে।

Exit mobile version