চিকিৎসা লাভৰ বাবে প্রথমে হাস্পতালৰ বাহিৰত শাৰী পাতিব লগা হৈছিল। ক’ভিডৰ যুঁজত ৰােগীক অক্সিজেনসহ এইদৰে চিকিৎসালয়ত ভর্তি হােৱাৰ বাবে হাস্পতালৰ বাহিৰত আত্মীয়ই অপেক্ষা কৰিব লগা পৰিস্থিতি আজিও অব্যাহত আছে।
কিন্তু এতিয়া দেশত ক’ভিডত মৃতকেও শেষকৃত্যৰ বাবে শ্মশানত কৰিব লগা হৈছে ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা। গুজৰাট, মহাৰাষ্ট্ৰৰ পাছত এতিয়া দেশৰ ৰাজধানী দিল্লীৰ শ্মশানত এনে পৰিস্থিতি প্রত্যক্ষ হৈছে।
মৃত্যুৰ পাছতাে প্রাণহীন শৰীৰে চিতাত উঠিবলৈ পাতিব লগা হৈছে শ্মশানত শাৰী। অতিমাৰীত বিধ্বস্ত ৰাজধানী এনে দৃশ্য এতিয়া তেনেই সুলভ। ৪০ ডিগ্ৰীৰ তাপমাত্রাত সকলােৱে ধৰফৰ কৰা দিল্লীত মঙলবাৰে একাধিক শ্মশানত মৃতদেহৰ দীঘলীয়া লানি প্রত্যক্ষ হৈছিল।
সুভাষনগৰ শ্মশানত টিনৰ চালিৰ তলত শাৰী শাৰীকৈ জ্বলােৱা হৈছে চিতা। শ্মশানৰ চৌহদত মৃতদেহৰ এক সর্পিল শাৰী। শ্মশানত শেষকৃত্যৰ বাবে কমেও ১৫-২০ টা মৃতদেহ লৈ অপেক্ষাৰত আত্মীয়-স্বজন। এঘণ্টা-দুঘণ্টা নহয়, ১৬-২০ ঘণ্টা ধৰিও বহু লােকে নিজৰ ক’ভিডত মৃত্যু হােৱা আত্মীয়ৰ শেষকৃত্যৰ বাবে এইদৰে শ্মশানখনত অপেক্ষাৰত হৈ আছে।
প্লাষ্টিকৰ মােনাৰ ভিতৰত ভৰােৱা আছে মৃতদেহ, ওপৰত লিখা আছে নাম আৰু নম্বৰ। এটা মৃতদেহৰ শেষকৃত্য সম্পন্ন হােৱাৰ লগে লগে শ্মশানৰ চিতাত তুলি দিয়া হৈছে আনটো শৱ। বিগত
কে’বাদিন ধৰি ৰাজধানীৰ এইখন শ্মশানত পাঁচ মিনিট সময় বিৰতি নােলােৱাকৈ অব্যাহত আছে এটাৰ পাছত আন এটা মৃতদেহৰ শেষকৃত্য।
কেৱল শ্মশানতে নহয়, শ্মশানৰ বাহিৰৰ আশে-পাশেও এম্বুলেন্স, আন গাড়ী, ঠেলা আদিত শাৰী শাৰীকৈ ৰখা হৈছে ক’ভিডত মৃতকৰ শৱ। কেতিয়াকৈ এই শৱ দাহ কৰা হ’ব তাৰ কোনাে নিশ্চয়তা নাই। সেয়েহে নিজৰ মৃত আত্মীয়ৰ পাল পৰাৰ সময়লৈ এইদৰে শ্মশানৰ বাহিৰতাে অনেকে শৱ লৈ অপেক্ষা কৰিছে।
দিল্লী চৰকাৰৰ পৰিসংখ্যা অনুসৰি দুমাহ পূর্বে দিল্লীত দৈনিক গড়ে ৫০-৬০ জন কৰ’না ৰােগীৰ মৃত্যু হৈছিল আৰু তেতিয়া শ্মশানত এনে পৰিস্থিতিৰ উদ্ভৱ হােৱা নাছিল। মৃতদেহ সৎকাৰত কিছু বিলম্ব হলেও এতিয়াৰে দৰে ১৬-২০ ঘণ্টা সময় শৱদাহৰ বাবে অপেক্ষা কৰিব লগা হােৱা নাছিল। কিন্তু মার্চত হঠাতে মৃতকৰ সংখ্যা ১১৭ জনলৈ বৃদ্ধি পায়।
সংবাদ মাধ্যমত মনমীত সিং নামৰ এজন ব্যক্তিয়ে প্ৰকাশ কৰা মতে, সােমবাৰে সুভাষনগৰ শ্মশানত ২৪ টা মৃতদেহ সৎকাৰৰ বাবে সাজু ৰখা হৈছিল আৰু ইয়াৰ পাছত তেওঁ এজন আত্মীয়ৰ মৃতদেহ সকাৰৰ বাবে উক্ত শ্মশানলৈ গৈ নিৰাশ হ’বলগা হৈছিল।
কিয়নাে শ্মশান কর্তৃপক্ষই উক্ত মৃতদেহ সৎকাৰৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। পাছত বাধ্য হৈ সিঙে ছয় কিলােমিটাৰ দূৰৰ পশ্চিম বিহাৰৰ শ্মশানলৈ গৈছিল আৰু পৌৰসভাৰ সহযােগত তাত পিতৃৰ শেষকৃত্য সম্পন্ন কৰিবলৈ সক্ষম হৈছিল।
পি টি আইৰ আগত সিঙে কয়, ‘চৰকাৰে হাস্পতালত অক্সিজেন দিব নােৱাৰিলেও অন্তত শ্মশানত ঠাই দিয়া উচিত, যাতে পৃথিৱীৰ পৰা অন্তত বিদায় গ্রহণ সঠিকভাৱে হ’ব পাৰে। যােৱা সােমবাৰে বিয়লিবেলা সুভাষনগৰ শ্মশানত পিতৃৰ মৃতদেহ সৎকাৰ কৰিবলৈ আনিছিল ব্যৱসায়ী আমন।
অৰােৰাই হৃদৰােগত মৃত্যু হােৱা পিতৃৰ মৃতদেহ শ্মশানত শেষকৃত্যৰ বাবে হাজিৰ কৰােৱাৰ পাছতে মৃতদেহৰ সর্পিল শাৰী দেখি অৰােৰা হতভম্ব হৈছিল। শ্মশান কর্তৃপক্ষই অৰােৰাক কৈছিল যে মঙলবাৰৰ পূর্বে তেওঁৰ পিতৃৰ শেষকৃত্য সম্ভৱ নহ’ব। ইমান দীঘলীয়া সময় মৃতদেহ সৎকাৰৰ বাবে লাগিব লগা হ’লে শৱ পঁচিব বুলি শংকা কৰি অৰােৰাই এটা ফ্রীজ ভাড়ালৈ লৈ শ্মশানৰ বাহিৰতাে পিতৃৰ মৃতদেহ দুদিনৰ বাবে সংগ্রহ কৰি ৰাখিছিল।
মঙলবাৰে বিয়লিবেলা অৰােৰাই তেওঁৰ পিতৃৰ শেষকতৃ সম্পন্ন কৰিলে। কেৱল সুভাষনগৰতে নহয়, দিল্লীৰ প্ৰতিখন শ্মশানতে এতিয়া এই একেই দৃশ্য প্রত্যক্ষ