ভিচিডিচি, টিচিএল, চিচিৰ পদবীধাৰী সকলোকে আৰ্তজনক সহায় কৰাৰ নিৰ্দেশ কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতিৰ

WhatsApp Image 2021 04 30 at 5.33.02 PM

মহামাৰী কৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ বাবে কোকৰাঝাৰ জিলাৰ অধীন টিচিএল চিচি, ভিচিডিচিৰ অধ্যক্ষ আৰু সদস্য সকলোকে আৰ্তজনক সহায় কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে বিজেপিৰ কোকৰাঝাৰ জিলা সভাপতি বিভূতি বৰগয়াৰীয়ে ।

এক জাননী যোগে বিজেপিৰ জিলা সভাপতিজনে কয় যে, যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত বিটিআৰ পাৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো আৰু কোকৰাঝাৰ জিলা বিজেপিৰ নেতৃবৃন্দৰ স’তে হোৱা আলোচনাত বিজেপিৰ ফালৰ পৰা নিয়োজিত হোৱা, টিচিএল, চিচি আৰু ভিচিডিচিৰ অধ্যক্ষ আৰু সদস্যসকলৰ মাজত সহযোগী দলৰ স’তে থকা মতানৈক্যৰ ক্ষেত্ৰত এক সমাধান সূত্ৰত উপনীত হৈছে ।

ইউপিপি দলৰ মুখ্য কাৰ্য্যবাহী সদস্যই ভৱিষ্যতে বিজেপি দলৰ ফালৰ পৰা জনোৱা দাবীসমূহ আলোচনা মৰ্মে সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । গতিকে জিলা সভাপতি হিচাপে, আমাৰ দলৰ যিসকল কাৰ্যকৰ্তা বন্ধুৱে টিচিএল, চিচি আৰু ভিচিডিচিৰ মুৰব্বী, ভাইচ চেয়াৰমেন বা সদস্য হিচাপে নিযুক্ত হৈছে, তেওঁলোকসকলোকে অতি শীঘ্ৰে চৰকাৰীভাৱে সংযোজিত হৈ নিষ্ঠাৰে দ্বায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ।

লগতে কয় যে ক’ভিড-১৯ৰ এই দ্বিতীয়টো ঢৌৰ সংকটজনক পৰিস্থিতিত, আগৰ কালছোৱাৰ দৰে আৰ্তজনক কাৰ্যকৰ্তা বন্ধুসকলে নিজে সুৰক্ষিত হৈ সহায়ৰ হাত আগবঢ়াব । নিযুক্ত হোৱা চেয়াৰমেন, ভাইচ চেয়াৰমেন আৰু সদস্যসকলক চৰকাৰীভাৱে পোৱা সুবিধাসমূহ নিষ্ঠাৰে প্ৰদান কৰিবলৈ আহ্বান জনায় বিজেপিৰ জিলা সভাপতিজনে ।

Exit mobile version