গ্ৰীণ টিৰ উপকাৰিতা

Does Green Tea Reduce the Risk of Cancer

শৰীৰৰ ওজন হ্ৰাস আৰু স্বাস্থ্যৰ বাবে অধিক উপকাৰী গ্ৰীণ টি । ইয়াৰ সোৱাদ ভাল নহয় যদিও অধিক স্বাস্থ্য সচেতন আৰু ওজন হ্ৰাস কৰিব বিচৰা লোকসকলৰ বাবে গ্ৰীণ টি চাহ অধিক গুৰুত্বপূৰ্ণ।

গ্ৰীণ টি কেতিয়া খাব লাগে সেই বিষয়ে সঠিক তথ্য জানেনে? যদি আপুনি গ্ৰীণ টি খোৱাৰ সঠিক সময় নাজানে,আপোনাৰ উপকাৰ নহয় বৰঞ্চ অপকাৰ হে হ’ব ।

গ্ৰীণ টি খোৱাৰ সঠিক সময় –

★ৰাতিপুৱাৰ আহাৰৰ পাছত

ৰাতিপুৱা উঠি পোৱাৰ অহাৰ এনে দৰে খোৱা উচিত যাতে দিনতোলৈ আপোনাৰ শৰীৰ ভালে থাকে। গতিকে আপুনি ৰাতিপুৱা খালী পেটত চাহ খাব নালাগে। ই দেখুৱাব ডিহাইড্ৰেচনৰ সমস্যা হব । খালী পেটত গ্ৰীণ টি খালে গেষ্ট্ৰিক সমস্যা বা আলচাৰ হ’ব পাৰে। গতিকে ৰাতিপুৱাৰ আহাৰত স্বাস্থ্যকৰ খাদ্য খাওক আৰু তাৰ পাছত গ্ৰীণ টি খাওক।

★ৰাতি শুবলৈ যোৱাৰ আগতে

যদি আপুনি ওজন হ্ৰাস কৰিবলৈ গ্ৰীণ টি খায় তেন্তে তাৰ বাবে সঠিক সময় হৈছে আপুনি ৰাতি বিচনালৈ যোৱাৰ মাত্ৰ দুঘণ্টা আগতে ইয়াক খাওক । গ্ৰীণ টি য়ে আপোনাক ৰাতি শুবলৈ যোৱাৰ আগতে ওজন হ্ৰাস কৰাত সহায় কৰিব আৰু আপুনি আন কিবা নোখোৱালৈকে ই যথেষ্ট দীঘলীয়া কাম কৰিব। আপুনি ৰাতি আন একো নাখায় গতিকে গ্ৰীণ টি য়ে ভালদৰে কাম কৰিব পাৰে। কেতিয়াবা চাহে আপোনাৰ টোপনি নষ্ট কৰে সেয়েহে বিচনালৈ যোৱাৰ দুঘণ্টা আগতে গ্ৰীণ টি খাব।

★ব্যায়াম কৰাৰ আগতে

ব্যায়াম কৰাৰ আধাঘন্টা সময় আগতে গ্ৰীণ টি খাব। গ্ৰীণ টি য়ে ওজন আৰু চৰ্বি হ্ৰাস কৰাত সহায় কৰিব।

★আহাৰৰ এঘণ্টা আগতে বা পাছত

বহুলোকে খোৱাৰ লগে লগে গ্ৰীণ টি খায়। আপুনি খাদ্য খোৱাৰ লগে লগে গ্ৰীণ টি খাব নালাগে। খোৱাৰ পাছত বা আহাৰ খোৱাৰ আগতে কমেও ৪৫ মিনিটৰ পৰা এক ঘণ্টাৰ ভিতৰত গ্ৰীণ টি খাব।

আপুনি জানেনে সঠিক সেউজীয়া চাহ কি মান সময়ত খাব লাগে ?

★ৰাতিপুৱা খালী পেটত কেতিয়াও গ্ৰীণ টি খাব নালাগে ।

★আহাৰৰ সময়ত গ্ৰীণ টি নাখাব। যেনে ৰাতিৰ আহাৰ বা দুপৰীয়াৰ আহাৰৰ সময়।

★এদিনত দুই/তিনি কাপতকৈ অধিক গ্ৰীণ টি খাব নালাগে ।

★গ্ৰীণ টিৰ স’তে গুৰি কৰা গাখীৰ বা চেনী মিহলি নকৰিব।

★টোপনিৰ সমস্যা পৰিহাৰ কৰিবলৈ ৰাতি পলমকৈ গ্ৰীণ টি নাখাব ।

গতিকে সেউজীয়া চাহ খোৱাৰ সঠিক সময় জানক আৰু নিজকে স্বাস্থ্যৱান কৰি তুলিব।

Exit mobile version