ঘৰত ক’ভিডৰ চিকিৎসা ল’লে কি কি দৰৱ লগত মজুত ৰাখিব ?

MW IC005 selfqu 20200311111759 ZQ

কৰ’নাৰ ব্যাপক সংক্রমণৰ ফলত চিকিৎসালয়ত শয্যাৰ অভাৱত বহু আক্রান্তই ঘৰতে নিভৃতবাসত আছে । শেহতীয়াভাৱে কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা মতে, ঘৰত ক’ভিড ৰােগী থাকিলে মেডেটিভিৰ দৰৱ মজুত ৰখাৰ প্ৰয়ােজন নাই।

বিশেষকৈ মৃদু উপসর্গ ক্ষেত্ৰত কোনাে ধৰণৰ ষ্টেৰয়ডযুক্ত দৰৱ ব্যৱহাৰ কৰাৰ প্ৰয়ােজন নাথাকে। ঘৰত কৰ’না ৰগী থাকিলে আপােনাৰ দৰৱৰ বাকচত তলত দিয়া ঔষধসমূহ মজুত ৰাখিব পাৰিব।

যদি সংক্ৰমণৰ প্ৰভাৱ সাধাৰণ হয়, তেনেহ’লে পেৰাচিটামল ৰাখক। ভিটামিন ‘চি’, ‘বি কমপ্লেক্স’, ‘ডি-থ্রি’ আৰু “জিংক’ টেবলেট ঘৰত ৰাখক। গৰম পানীৰে গার্গল কৰা আৰু ভাপ গ্ৰহণ কৰিবলৈকো ৰােগীক চিকিত্সকে পৰামর্শ দিয়ে।

এন্টিবায়’টিকসহ এন্টিহিষ্টামিন দৰৱ এলাৰ্জিৰ বাবে ৰাখিব পাৰিব। গার্গল কৰাৰ বাবে বেটাডাইন মাউথবাছ ব্যৱহাৰ কৰক। থার্মমিটাৰ বা থার্মেল স্কেনাৰ, অক্সিমিটাৰ ঘৰত ৰাখক। যদি আপুনি কোনাে ঔষধ সেৱন কৰি আছে তেন্তে ১৪ দিনৰ বাবে দৰৱ মজুত কৰি লওক।

ডায়েবেটিছ ৰােগীৰ ক্ষেত্ৰত ৰক্ত শৰ্কৰা মাপৰ বাবে গ্ৰক মিটাৰ ৰাখক। ৰক্তচাপ জোখাৰ বাবে যন্ত্র সাজু ৰাখক। হাঁপানী বা এলার্জি থাকিলে নেবুলাইজাৰ যন্ত্ৰ ৰাখক। ক’ভিড ৰােগীয়ে অৱশ্যে চিকিৎসকৰ পৰামৰ্শতহে দৰৱ গ্ৰহণ কৰা উচিত।

Exit mobile version