ডিপ্ৰেছনৰ পৰা হাত সাৰিবলৈ কি কৰিব ?

GettyImages 1182111567 header 1024x575 1

★নিশ্চিতভাৱে ৰাতি আঠ ঘণ্টা শুব। যদি পাৰে, প্ৰতিদিনে একে সময়তে বিচনালৈ যাওক। ই আপোনাক ভাল টোপনি দিব।

★নিয়মীয়াকৈ ব্যায়াম কৰক। যদি আপুনি গধুৰ ব্যায়াম কৰিব নিবিচাৰে তেন্তে কিছু সময়ৰ বাবে স্কীপিং কৰক আৰু খোজ কাঢ়ক।

★নিয়মিতভাৱে পৰ্যাপ্ত পানী খাব। ই মগজুক পৰ্যাপ্ত অক্সিজেন প্ৰদান কৰিব। মগজুত অক্সিজেনৰ অভাৱ হ’লে ভাগৰ লাগে।

ielnv4ng water 625x300 11 August 20

★জীৱনৰ ৰুটিন অনুসৰণ কৰক। সময়ৰ মানি চলিলে জীৱনত এটা অনুশাসন থাকে। ই হতাশাত ভুগিথকাৰ সম্ভাৱনা হ্ৰাস কৰে।

★কেতিয়াবা মনত খং, দুখ, অভিমান জমা হৈ থাকে যিটো কাকো ক’ব নোৱাৰি। যিটো পাহৰিব নোৱাৰো।এটা সময়ত ভাগৰি পৰা যায় । ইয়াৰ বাবে লিখাৰ অভ্যাস কৰক। নিয়মীয়াকৈ ডায়েৰীত কব নোৱাৰা অনুভৱবোৰ লিখক।

★নিজৰ ভাল লগা কাম কৰক । ভাল গান শুনক, ৰান্ধি ভাল পাই যদি পাকঘৰত সময় অতিবাহিত কৰক। ই মগজুত চেৰোটনিনৰ নিষ্কাশন বৃদ্ধি কৰিব। মন ভাল হ’ব, আপুনি সহজে হতাশা দূৰ কৰিব পাৰে।

image

★প্ৰতিদিনে নিজৰ স’তে কিছু সময় কটাওক। অকলে বহি ধ্যান কৰক বা ডিপ ব্ৰিদিং কৰক। ই মনোযোগ বৃদ্ধি কৰিব, আপোনাৰ মন শান্ত কৰিব, হতাশাৰ পৰা সকাহ দিব।

★নিঃসঙ্গতাৰ ফলত হতাশা হয়। সকলোবোৰ নিজৰ মাজত নাৰাখি কাৰোবাৰ স’তে মনৰ কথা খুলি কওক। বন্ধুয়ে আপোনাক ইয়াৰ পৰা বাহিৰ হোৱাত সহায় কৰিব।

Exit mobile version