মৃতদেহ সৎকাৰৰ বাবে স্থানৰ অভাৱ দিল্লীত

24virus india deaths1

মৃতদেহ সৎকাৰৰ বাবেও যেন এতিয়া দিল্লীত ল’ব লাগিব আগতীয়া টিকট। অপেক্ষা কৰিব লাগিব নির্দিষ্ট সময়লৈ। কিয়নাে ক’লা বজাৰত টিকট ক্রয় কৰিলেও হয়তাে মৃতদেহ সকাৰৰ বাবে ঠাই নাপাব।

কৰ’নাৰ ভয়াৱহতাত এতিয়া দিল্লীৰ পৰিস্থিতি এনে অবর্ণনীয় হৈ পৰিছে। শ্মশানত ঠাই নােপােৱাৰ বাবে মৃতদেহ ঘৰলৈ ঘূৰাই অনা, মৃতদেহ পচি নাযাবলৈ বৰফৰ মাজত ভৰাই থােৱা আদি দৃশ্যবােৰ এতিয়া দিল্লীৰ বিভিন্ন প্ৰান্তত নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে।

যিসকল অকলশৰীয়া লােকৰ ক’ভিডত মৃত্যু হৈছে, তেওঁলােকৰ বহুতকে সকাৰ কৰিছে স্বেচ্ছাসেৱী সংগঠনে। দিল্লীত এতিয়া এফালে যদি অক্সিজেনক লৈ হাহাকাৰ চলি আছে, আনফালে নির্বাপিত হােৱা নাই চিতাৰ জুই। গড় হিচাপত প্রতি ঘণ্টাত দিল্লীৰ বিভিন্ন শ্মশানত ১০ৰ পৰা ১৫জন ক’ভিড ৰােগীৰ মৃতদেহ দাহ কৰা হৈ আছে।

কৰ’না অতিমাৰীৰ আৰম্ভণিৰে পৰা এই পর্যন্ত দিল্লীত ১৫ হেজাৰােধিক ক’ভিড ৰােগীৰ মৃত্যু হৈছে। বিগত তিনি-চাৰি সপ্তাহত কেৱল তিনি হেজাৰ ৯৮২জন মৃতকৰ নাম নথিভুক্ত হৈছে। সূত্র মতে, প্রকৃত সংখ্যা আৰু বেছি।কিয়নাে নথিভুক্ত নকৰাকৈয়ে অগণন মৃতদেহ দাহ কৰা হৈছে।

বিগত ১১ বছৰ ধৰি দিল্লীৰ দয়ানন্দ মুক্তিধাম শ্মশানত পৰিচালকৰ দায়িত্ব পালন কৰি আছে ৰাম পাল নামৰ লােকজনে। প্রত্যেক মৃতকৰ পৰিয়ালকে তেওঁৰ এষাৰেই কথা, ইয়ালৈ নাহিব, ঠাই নাই। অথচ সেই কথাই কাম দিয়া নাই।

মানুহৰ উপায়াে নাই। পালে কয়, ইয়াত প্রতিদিনে ৩০টা মৃতদেহ দাহ কৰাটো সম্ভৱ। অথচ বিগত পাঁচটা দিনত নিয়মিত ৪০ৰ পৰা ৫০টা দাহকার্য হৈ আছে। সেয়ে চৰকাৰক আবেদন জনাইছাে, যমুনাৰ পাৰত দাহকার্যৰ ব্যৱস্থা কৰক। তেতিয়া হলে অন্ততঃ পাৰস্পৰিক দূৰত্ব বজাই ৰাখি কাম কৰিব পৰা যাব।

ইয়াত সেয়া সম্ভৱ হােৱা নাই। এটা মৃতদেহ দাহৰ বাবে কমেও তিনিশ কেজি কাঠ লাগে। ইমান কাঠেইবা ক’ৰ পৰা আহিব?এতিয়াতাে কাঠতকৈ শৱৰ সংখ্যা বেছি হৈছেগৈ। লক্ষ্যণীয়ভাৱে অসহায় সমাজৰ সর্বস্তৰৰ লােকেই মৃতদেহৰ এই দীর্ঘলীয়া শাৰীৰ মাজত থিয় হৈ থাকিবলগীয়া হৈছে। উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনৰ সদস্য, আইনজীৱী অনীপ সচতেই অক্সিজেন নােপােৱাকৈ নিজগৃহতে শেষ নিশ্বাস ত্যাগ কৰে।

তেওঁৰ পত্নী আৰু কন্যাই দিনৰ ১১ বজাত শ্মশানত উপস্থিত হৈ জানিব পাৰে যে তেওঁলােকৰ আগত আছে আৰু ২৫জন। সচতেৰ পত্নীয়ে কয়, ‘আমি সমগ্ৰ দিনটো অপেক্ষা কৰিলাে, বিভিন্ন শ্মশানলৈও ফোন কৰি আছিলাে। শেষত যেনিবা মাজনিশা শৱ সৎকাৰ সম্পন্ন হয়। দিল্লীত যিসকলে অকলে বাস কৰিছিল বা যাৰ সংগীও ক’ভিডত আক্রান্ত,তেনে লােকৰ পৰিস্থিতি আৰু ভয়ংকৰ।

দিল্লীৰ বসন্তকুঞ্জৰ প্রবীণ বাসিন্দা সংঘমিত্রা সেনৰাে ক’ভিডত মৃত্যু হয়। তেওঁৰ স্বামীও ক’ভিডত আক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন হৈ আছে। একমাত্র পুত্র আবদ্ধ হৈ আছে বাংগালুৰুত। পাছত যেনিবা যুৱ কংগ্ৰেছ আৰু এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযােগিতাত প্রবীণ মহিলাগৰাকীৰ শেষকৃত্য সম্পন্ন হয়।

ইতিমধ্যে এটা চেনেলত দেখা গৈছে এক নিদারুণ দৃশ্য। ক’ভিড আক্রান্ত মাতৃক ৰক্ষাৰ বাবে হাতত অক্সিজেনৰ খালী চিলিণ্ডাৰ লৈ এটা কাৰখানাত শাৰী পাতি অপেক্ষা কৰিছিল শ্রুতি নামৰ যুৱতীগৰাকীয়ে।

খালী চিলিণ্ডাৰটো কিছু সােনকালে ভর্তি কৰি দিয়াৰ বাবে তেওঁ সকলােৰে হাতে-ভৰিয়ে ধৰিছিল। কিন্তু তেওঁক অপেক্ষা কৰিবলৈ কোৱা হৈছিল। শাৰী পাতি থকা অৱস্থাতে শ্রুতিয়ে খবৰ পালে যে তেওঁৰ মাতৃয়ে ইতিমধ্যে বিদায় লৈছে। এনে হৃদয়বিদাৰক পৰিস্থিতিবােৰ কৰ’নাৰ কৰাল গ্রাস পৰি দিল্লীত এতিয়া যেন অতি স্বাভাৱিক হৈ পৰিছে।

Exit mobile version