অসম, মেঘালয়, পশ্চিমবংগ, ওড়িচাত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা, কমলা সতৰ্কতা জাৰি

monsoon

অসমসহ চাৰি ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ বাবে কমলা সতৰ্কতা জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই । এই চাৰি ৰাজ্যৰ ৰাজ্যবাসীক আগন্তুক পাঁচ দিনৰ বাবে সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হয় ‌।

ADVERTISEMENT

বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰ অনুসৰি, আগন্তুক পাঁচ দিনত অসম আৰু মেঘালয়ত ১৫০ৰ পৰা দুশ মিলিমিটাৰ বৰষুণ হ’ব পাৰে । মে’ৰ তিনিৰ পৰা চাৰি তাৰিখৰ ভিতৰত ওড়িচাত তুমুল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা, দুইৰ পৰা পাঁচ মে’ৰ ভিতৰত পশ্চিমবংগ আৰু ছিক্কিমত প্ৰবল বৃষ্টিপাতৰ পূৰ্বাভাস লাভ কৰা হৈছে । সেয়ে এই সকলোবোৰ ৰাজ্যক কমলা সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

বতৰ বিজ্ঞান কেন্দ্ৰই লগতে জনায় যে, মধ্যপ্ৰদেশৰ ঘূৰ্ণিবতাহৰ ফলত পশ্চিমবংগৰ মধ্যভাগত ইয়াৰ প্ৰভাৱ পৰিব । ঘূৰ্ণিবতাহৰ গতিমুখ পশ্চিমবংগৰ ফালে থকাৰ বাবে দুইৰ পৰা পাঁচ মে’লৈকে ৰাজ্যখনত আৰ্দ্ৰতা বাঢ়িব । এই সময়ৰ ভিতৰত বজ্ৰপাত, বৰষুণৰ লগতে প্ৰতি ঘণ্টাত ৫০-৬০ কিলোমিটাৰ বেগত বতাহো বলিব পাৰে ।

ইতিমধ্যে নবান্ন‌ইও সতৰ্কতা জাৰি কৰিছে । সোমবাৰৰ পৰা বুধবাৰলৈকে কোচবিহাৰ, আলিপুৰদুৱাৰ, জলপাইগুৰি, নদিয়া মুৰ্চিদাবাদ আৰু উত্তৰ ২৪ পৰগনাত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে । বিভিন্ন জিলাত বৃষ্টিপাতৰ ফলত তাপমাত্ৰা নিম্নগামী হ’ব পাৰে বুলিও জনোৱা হৈছে ।

Exit mobile version