কেৰালাৰ কংগ্ৰেছ (বি)ৰ মুৰব্বী আৰ বালাকৃষ্ণ পিল্লাইৰ দেহাৱসান

কেৰালাৰ কংগ্ৰেছ (বি)ৰ মুৰব্বী আৰু প্ৰাক্তন মন্ত্ৰী আৰ বালাকৃষ্ণ পিল্লাইৰ আজি নিজ গৃহ চহৰৰ এখন বেচৰকাৰী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । পৰিয়াল সূত্ৰে, বয়সজনিত কাৰণতে তেওঁ মৃত্যু বৰণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ ।

শিক্ষাৰ্থী জীৱনতে পিল্লাইয়ে ৰাজনীতিত অৱতৰণ কৰে । কংগ্ৰেছত যোগ দিয়াৰ পূৰ্বে তেওঁ এটা ছাত্ৰ সন্থাৰ সদস্য আছিল । তেওঁ ১৯৫৮ৰ পৰা ১৯৬৪ পৰ্যন্ত এআইচিচি-ৰ সদস্য আছিল ‌। ২৫ বছৰ বয়সত পিল্লাইয়ে পাঠানপুৰমত ১৯৬০ত বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হৈছিল । তেওঁ ১৯৬৪ত কংগ্ৰেছ ত্যাগ কৰি জ্যেষ্ঠ নেতা কেএম জৰ্জৰ সহযোগত কেৰালা কংগ্ৰেছ (বি) গঠন কৰে ।

পিল্লাইয়ে কট্টাৰকাৰাত ১৯৬৫ৰ নিৰ্বাচনত জয়ী হয় । অৱশ্যে ইয়াৰ পাছৰ দুবছৰৰ নিৰ্বাচন ১৯৬৭ আৰু ১৯৭০ত পৰাজিত হয় । তেওঁ ১৯৭১ত মাৱেলিকাৰা সমষ্টিৰ পৰা লোকসভাত নিৰ্বাচিত হয় ।

তেওঁৰ ছয় দশকৰ ৰাজনৈতিক জীৱনত তেওঁ বহুতো উত্থান-পতনৰ সন্মুখীন হয় । এক বিতৰ্কিত মন্তব্যৰ বাবে তেওঁ ১৯৮০ত মন্ত্ৰী পদৰ পৰা পদত্যাগো কৰিবলগীয়া হয় । তেওঁৰ তিনিটা সন্তান । পুত্ৰ গণেশ কুমাৰ তেঁৱো এজন প্ৰাক্তন মন্ত্ৰী । তেওঁ পাঠানপুৰমত এলডিএফ-ৰ প্ৰাৰ্থী হিচাপে এইবাৰৰ কেৰালা বিধানসভাত পুনৰ নিৰ্বাচিত হৈছে ।

Exit mobile version