কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছত কিনেকৈ শাৰীৰিক, মানসিক স্বাস্থ্য ভালে ৰাখিব

MASK650

কৰ’না ভাইৰাছে শৰীৰত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় ! একে সময়তে, প্ৰভাৱ পেলাই আমাৰ মানসিক স্বাস্থ্যৰো । কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছত কি দৰে ভালে ৰাখিব আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ।

কৰ’না আক্ৰান্ত হ’লে মানসিক স্বাস্থ্য কিদৰে  বিঘ্নিত হয় ?

(১) নিজৰ আৰু পৰিয়ালৰ আনৰ স্বাস্থ্যৰ বিষয়ে চিন্তা কৰক।

(২) সামাজিক ভাৱে বিচ্ছিন্নতাৰ ভয় থাকে ।

(৩) ইয়াৰ ফলত খং, হতাশা হয়।

(৪) কোৱাৰেন্টাইন পৰ্যায়ত একাকীত্ব গ্ৰাস কৰে।

(৫) মানসিক অস্থিৰতাৰ ফলত টোপনিৰ সমস্যাও হয়।

কি দৰে কোৱাৰেন্টাইন থকাৰ সময়ত মানসিক দুৰ্যোগ এৰাই চলিব?

(১) টিভি চোৱা বাতৰি পঢ়া বন্ধ কৰক,যাতে নেতিবাচক বাতৰিবোৰে মনত আতংক সৃষ্টি নকৰে।

(২) অডিঅ’/ভিডিঅ’ কলত আপোনাৰ প্ৰিয়জনৰ স’তে যোগাযোগ কৰক।

(৪)পৰ্যাপ্ত বিশ্ৰাম ল’ব লাগে।

(৫) পেট ভৰ্তি কৰি খাওক ।

(৬)শৰীৰৰ বাবে পাতল ব্যায়াম কৰিব পাৰে।

(৭)ৰোগ লুকুৱাব নালাগে।

(৮)যিসকলে ক’ভিড জয় কৰিছে তেওঁলোকে ইতিবাচক দিশটো মনত ৰাখিব লাগে, যি ভয় কমাব।

কি দৰে খোৱা-বোৱা কৰিলে ভাল ?

(১)শৰীৰত এনাৰ্জিৰ প্ৰয়োজন, সেয়েহে খাদ্য শস্য, যেনে ময়দা, চাউল খাব লাগে।

(২) ভাইৰাছৰ আক্ৰমণ প্ৰতিহত কৰি শৰীৰ স্বাস্থ্যৱান ৰাখিবলৈ মাহজাতীয় শস্য, প্ৰ’টিন, গাখীৰ খাব লাগে।

(৩)শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ভিটামিনৰ প্ৰয়োজন, ফল আৰু পাচলি ইয়াক মনত ৰাখি খাব লাগে।

(৪)ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ গ্ৰীণ টি, কাৰা, হালধি মিশ্ৰিত গাখীৰ আদি পানীয় খাব লাগে।

(৫)পানী ভালদৰে খাব যাতে শৰীৰ হাইড্ৰেটেড হয়।

 

আৰু কি মনত ৰখাৰ প্ৰয়োজন –

(১) ভুলটো আপুনি খোৱা বন্ধ নকৰিব, যাৰ ফলত শৰীৰ দুৰ্বল হ’য়।

(২) বাহিৰৰ খাদ্য পৰিহাৰ কৰা ভাল।

(৩) এই সময়ত সুৰা আৰু ধপাতজাতীয় সামগ্ৰী স্পৰ্শ নকৰিব।

Exit mobile version