কৰ’না ভাইৰাছৰ সংক্ৰমণৰ শৃংখলা ভাঙিবলৈ তলাবন্ধ জাৰি কৰাৰ পৰামৰ্শ দিছে শীৰ্ষ ন্যায়ালয়ে

Delhi Covid 1

অতিমাৰীৰ দ্বিতীয় ঢৌৰ বিৰুদ্ধে যুঁজ কৰাৰ বিষয়ত শুনানিৰ পাছত দেওবাৰে তলাবন্ধৰ ওপৰত এক নিৰ্দেশ জাৰি কৰে । সেই শুনানিত উচ্চতম ন্যায়ালয়ে কয়, “মহামাৰীৰ দ্বিতীয় ঢৌৰ ফলত সংক্ৰমণৰ মাত্ৰা বৃদ্ধি পাইছে । আমি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সংক্ৰমণ প্ৰতিৰোধৰ বাবে ভৱিষ্যতে কি ব্যৱস্থা লোৱা হ’ব তাৰ পৰিকল্পনা কৰিবলৈ নিৰ্দেশ দিছো ।’

ADVERTISEMENT

এই নিৰ্দেশৰ পাছত, দেশৰ শীৰ্ষ ন্যায়ালয়ে পৰামৰ্শ দিয়ে যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ভিৰ আৰু ছুপাৰ স্প্ৰেডাৰ অনুষ্ঠান নিষিদ্ধ কৰিব লাগে । মাৰাত্মক ভাইৰাছৰ প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰিবলৈ তলাবন্ধৰ কথাও বিবেচনা কৰিব পাৰে ।

শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তলাবন্ধ জাৰি কৰাৰ পৰামৰ্শ দিয়াৰ উপৰিও তলাবন্ধৰ ফলত প্ৰান্তীয় লোকসকলৰ অসুবিধাৰ ওপৰত লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিছে ।

এই সন্দৰ্ভত ন্যায়ালয়ে কয়, “প্ৰান্তীয় লোকসকলৰ জীৱনত তলাবন্ধই কি আৰ্থ-সামাজিক প্ৰভাৱ পেলাইছে তাৰ বিষয়ে আমি অৱগত। যদি তলাবন্ধ জাৰি কৰা হয়, আমি স্থানান্তৰ নকৰিবলৈ প্রান্তিক লোকসকলৰ ওপৰতো লক্ষ্য ৰাখিব লাগিব ।’

দেশৰ দৈনিক সংক্ৰমণ হৈছে ৩.৫ লাখ। উচ্চতম ন্যায়ালয়ৰ এই সংক্ৰমণ শৃংখলা ভংগ কৰাৰ প্ৰস্তাৱ।

Exit mobile version