পৃথিৱীতে নহয়, মহাকাশতাে দুই অৰ্বুদপতিৰ তীব্র প্রতিদ্বন্দ্বিতা

নাছাৰ মহাকাশ অভিযানৰ ঠিকা লাভ কৰিলে এলন মাস্কে

মার্কিন মহাকাশ গৱেষণা প্রতিষ্ঠান (নাছা)ৰ প্রস্তাৱিত আর্টেমিছ অভিযানৰ জৰিয়তে ২০২৪ত মহাকাশলৈ মহাকাশচাৰীক প্ৰেৰণৰ বাবে মহাকাশযান নির্মাণৰ ঠিকা লাভ কৰিলে টেছলাৰ মুৰব্বী এলন মাস্কৰ মালিকানাধীন স্পেচ এক্স কোম্পানীয়ে।

উল্লেখ্য যে এই ঠিকা লাভৰ ক্ষেত্ৰত মাস্কে আন এজন অৰ্বুদপতি তথা অমেজনৰ স্বত্বাধিকাৰী জেফ বেজ’ছৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছিল। বিশ্বৰ দুই শীর্ষ ধনাঢ্য ব্যৱসায়ী মাস্ক আৰু বেজ’ছে শেহতীয়াভাৱে মহাকাশতাে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰিছে।

ধৰাৰ বুকুত সম্পদ আহৰণৰ ক্ষেত্ৰত তীব্র প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হােৱা এই দুই ব্যৱসায়ীয়ে এতিয়া মহাকাশত ব্যৱসায় বৃদ্ধিৰ বাবে প্রতিদ্বন্দ্বিতাত অংশ লৈছে। এনে এক প্রতিদ্বন্দ্বিতাতে অৱশেষত বেজ’ছক অতিক্ৰম কৰি নাছাৰ তিনি বিলিয়ন ডলাৰৰ এক ঠিকা লাভ কৰিবলৈ সক্ষম হ’ল এলনৰ স্পেচ এক্স প্রতিষ্ঠানে।

এলন আৰু বেজ’ছৰ কোম্পানীয়ে দীর্ঘ দূৰত্বৰ কক্ষপথত প্রদক্ষিণ কৰিব পৰা ৰকেট নির্মাণত পৰস্পৰৰ স’তে যুঁজত অৱতীৰ্ণ হৈছে। বেজ’ছৰ প্ৰতিষ্ঠান ব্লু অৰিজিনে নাছাৰ পৰা ২০২৪ত প্রস্তাৱিত চন্দ্র অভিযানৰ বাবে মহাকাশযান নির্মাণৰ দায়িত্ব লাভৰ পৰা এলনৰ স্পেচ এক্সৰ বাবে বঞ্চিত হ’ল।

Exit mobile version