প্লাণ্টৰ পৰা ৰোগীৰ বিছনাত অক্সিজেন, দিল্লীৰ কমনৱেলথ গাঁৱৰ বিশেষ ক’ভিড কেন্দ্ৰ

6c5cd93e ab5e 11eb 9c60 e2bf44fd80f1 1620012837368 1620023989935

নিজস্ব অক্সিজেন প্লাণ্ট লাভ কৰিলে দিল্লীয়ে । ৰাজধানীত কমনৱেলথ গাঁৱত নিৰ্মাণ কৰা হৈছে এক বিশেষ ক’ভিড কেন্দ্ৰ যাৰ সহায়ত উৎপাদন কেন্দ্ৰৰ পৰা প্ৰত্যক্ষভাৱে ৰোগীৰ বিছনাত যোগান ধৰা হ’ব অক্সিজেনৰ ।

নতুন ক’ভিড কেন্দ্ৰৰ স’তে জড়িত অক্সিজেন প্লাণ্টত দৈনিক এহেজাৰ পাঁচশ লিটাৰ অক্সিজেন উৎপাদন কৰা হ’ব । দিল্লীৰ চিকিৎসক সংগঠনৰ উদ্যোগত বিদেশৰ পৰা যন্ত্ৰপাতি আৰু চিকিৎসা সঁজুলি আনি নিৰ্মাণ কৰা হৈছে এই অক্সিজেন উৎপাদন কেন্দ্ৰ ।

শনিবাৰে দিল্লীত অক্সিজেনৰ অভাৱত চিকিৎসকসহ ১২ জন কৰ’না ৰোগীৰ মৃত্যু হয় । দক্ষিণ দিল্লীৰ বাত্ৰা হাস্পতালত প্ৰায় ৮০ মিনিট অক্সিজেন সৰবৰাহ নথকাৰ বাবে তেওঁলোকৰ মৃত্যু হয় । দেওবাৰেও দিল্লীত বহুকেইখন হাস্পতালে অক্সিজেন সমাপ্ত হোৱাৰ বিপদ বাৰ্তা দিছিল দিল্লী প্ৰশাসনক ।

‘দেওবাৰে মালবিয়া নগৰৰ মধুকৰ ৰেইনব’ নামে এখন শিশু চিকিৎসালয়ে জনায় যে, অক্সিজেনৰ অভাৱত তেওঁলোকৰ প্ৰায় ৫০ জন ৰোগী বিপদাশংকাৰ মুখত আছে । ইয়াৰ ভিতৰত চাৰিটি সদ্যোজাতক । এখন হাস্পতালে তেওঁলোকৰ ৰোগীসকলক অন্য হাস্পতাললৈ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনায় দিল্লী চৰকাৰক ।

১৫৭ একৰ অঞ্চলজুৰি বিস্তৃত কমনৱেলথ গেমছ গাঁৱত কিমান সংখ্যক অঞ্চলত এই অক্সিজেন প্লাণ্ট আৰু ক’ভিড কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে, সেইটো অৱশ্যে এই পৰ্যন্ত স্পষ্ট নহয় । গাঁওখনত ১৪ টা ব্লকসহ ৩৪ টা টাৱাৰ এহেজাৰ ১৬৮ টা বাতানুকূল ফ্লেট আছে । প্ৰশাসনিক সূত্ৰ অনুসৰি, নতুন ক’ভিড কেন্দ্ৰত অক্সিজেন প্লাণ্টৰ পৰা প্ৰত্যক্ষভাৱে ৰোগীৰ বিছনাত অক্সিজেন সৰবৰাহ কৰাৰ ব্যৱস্থা কৰা হৈছে ।

Exit mobile version