মধ্য প্ৰদেশত অক্সিজেনৰ অভাৱত চাৰিজন কৰ’না ৰোগীৰ মৃত্যু, অস্বীকাৰ কৰিছে প্ৰশাসনে

dead body

পুনৰ উত্থাপিত হৈছে অক্সিজেনৰ অভাৱত কৰ’না ৰোগীৰ মৃত্যুৰ অভিযোগ । মধ্য প্ৰদেশৰ ভূপালৰ কাষৰ বৰৱানীত অক্সিজেনৰ অভাৱত চাৰিজন কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ মৃতকৰ পৰিয়ালৰ । যদিও স্থানীয় প্ৰশাসনে এই অভিযোগ অস্বীকাৰ কৰিছে। তেওঁলোকে দাবী কৰে যে চিকিৎসালয়ত মাত্ৰ এজন ৰোগীৰ মৃত্যু হৈছে।

মৃত ৰোগীসকলৰ এজনৰ মাতৃয়ে অভিযোগ কৰিছে, “ৰাতিপুৱাৰ পৰা মোৰ পুত্ৰৰ অক্সিজেনৰ স্তৰ আছিল ৯৪। হঠাতে ই হ্ৰাস পায়। মোৰ ল’ৰাটো বহুত কষ্ট পায় মৃত্যু হৈছে । বহুতো আবেদন কৰিলেও কিন্তু কোনো চিকিৎসকে আহি সহায় কৰা নাছিল । ”

আন এজন ৰোগীৰ আত্মীয় প্ৰতীক চোনীয়ে অভিযোগ কৰিছে, “অক্সিজেনৰ অভাৱত কমেও চাৰি জন ৰোগীৰ মৃত্যু হৈছে। বহুতো আবেদন কৰাৰ পাছতো চিকিৎসক পোৱা নগ’ল। ”

অভিযোগৰ পাছত, বৰৱানীৰ অতিৰিক্ত জিলা উপায়ুক্ত লোকেশ কুমাৰে কয়, “মোক ওচৰত বহুতে অভিযোগ কৰে যে চিকিৎসালয়খনত অক্সিজেনৰ যোগান কম হৈছে। লগে লগে আমাৰ কৰ্মচাৰীসকলে গৈ অক্সিজেন যোগানৰ ব্যৱস্থা কৰে।

অক্সিজেনৰ অভাৱৰ বাবে একো হোৱা নাই। কেৱল হৃদযন্ত্ৰ বিকল হোৱাৰ ফলত এজন ব্যক্তিৰ মৃত্যু হৈছে । এই সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বিশ্বাস কৈলাশ চাৰাঙে দাবী কৰে যে মধ্য প্ৰদেশত অক্সিজেনৰ অভাৱত এতিয়ালৈকে কোনো ক’ভিড ৰোগীৰ মৃত্যু হোৱা নাই।

Exit mobile version