মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে দিল্লীৰ এটা গুৰুদ্বাৰাই

sikhs helping in corona

ভোকত থকা ক’ভিড ৰোগীসকলৰ কাষত থিয় হৈ মানৱতাৰ এক উদাহৰণ দাঙি ধৰে দিল্লীৰ এটা গুৰুদ্বাৰাই। দিল্লীৰ ৰোহিণীত বসবাস কৰা ভোকত থকা এজন বৃদ্ধ দম্পতীক বিচাৰি পাই খাদ্য প্ৰদান কৰিছিল ৰোহিণীৰ এটা গুৰুদ্বাৰাই।

বৃদ্ধ দম্পতীহালৰ কৰ’না সংক্ৰমণৰ সকলো লক্ষণ আছে। গতিকে তেওঁলোক এটা ঘৰত কোৱাৰেন্টাইন হৈ আছে। তেওঁলোকৰ শাৰীৰিক অৱস্থা এনেকুৱা যে তেওঁলোকে নিজে খাদ্য প্ৰস্তুত কৰিবলৈও সক্ষম নহয়। চুবুৰীয়াসকলেও সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল কিয়নো দম্পতিহালৰ সংক্ৰমণৰ সকলো লক্ষণ আছিল। তথ্য অনুসৰি এজন ব্যক্তিয়ে সহায় বিচাৰি গুৰুদ্বাৰাৰ স’তে যোগাযোগ কৰিছিল।

তাৰ পাছত, তেওঁলোকক সহায়ৰ হাত আগ বঢ়ালে ৰোহিণীৰ গুৰুদ্বাৰা ।ফোনত তেওঁলোকৰ ঠিকনা জানিব পাৰিছিল আৰু বৃদ্ধ দম্পতীহালক খাদ্য প্ৰদান কৰিছিল। গুৰুদ্বাৰাত এনে মানৱতাৰ দ্বাৰা আকৰ্ষিত বৃদ্ধ দম্পতীহাল। তেওঁ টুইটাৰত তেওঁক প্ৰশংসা কৰি প’ষ্ট কৰিছিল। প’ষ্টটো মুহূৰ্ততে ভাইৰেল হৈ পৰিছিল।

Exit mobile version