সংক্ৰমণ ৰোধ কৰিবলৈ তলাবন্ধৰ পথত হাৰিয়ানা

2020 11largeimg 1493783175

ৰাজ্যত কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌ ভয়ানক হাৰত বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে । সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ তলাবন্ধৰ পথত হাৰিয়ানা । দেওবাৰে হাৰিয়ানা চৰকাৰে ৰাজ্যখনত সাত দিনীয়া সম্পূৰ্ণ তলাবন্ধ ঘোষণা কৰে।

সোমবাৰৰ পৰা অৰ্থাৎ তিনি মে’ৰ পৰা একেৰাহে সাত দিন হাৰিয়ানাত অব্যাহত থাকিব তলাবন্ধ । হাৰিয়ানাৰ গৃহ আৰু স্বাস্থ্য মন্ত্ৰী অনিল ভিজে টুইট কৰি এই খবৰ নিশ্চিত কৰিছে।

অনিল ভিজেয়ে টুইট কৰি লিখিছে, ‘তিনি মে’ৰ পৰা ৰাজ্যজুৰি সাত দিনীয়া তলাবন্ধৰ ঘোষণা কৰা হৈছে’। চৰকাৰে যোৱা শুক্ৰবাৰৰ পৰা ৰাজ্যখনৰ কৰ’না পৰিস্থিতিৰ স’তে যুঁজিবলৈ নৈশ সান্ধ্যা আইন জাৰি কৰিছিল। পঞ্চকুলা, গুৰুগ্ৰাম, ফৰিদাবাদ, সোনিপত, ৰোহতক, কৰ্ণাল, চাৰ, চিৰচা আৰু ফতেহবাদত তিনি মে’পৰ্যন্ত পোৱা পাঁচ বজালৈকে চলি আছিল নৈশ সান্ধ্যা আইন ।

হাৰিয়ানাত যোৱা ২৪ ঘণ্টাত বৃহৎ সংখ্যক কৰ’না ৰোগী ধৰা পৰিছে। এদিনত ১৩হেজাৰ ৫৮৮ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। ফলস্বৰূপে, এই মুহূৰ্তত ৰাজ্যখনত মুঠ কৰ’নাত আক্ৰান্তৰ সংখ্যা ৫,০১,৫৬৬ জনলৈ বৃদ্ধি পাইছে।

যোৱা ২৪ ঘণ্টাত, কৰ’না ভাইৰাছত আক্ৰান্ত হৈ ১২৫ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে গুৰুগ্ৰামৰ কৰ’না পৰিস্থিতিৰ ওপৰত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব। তেওঁ কৰ’না পৰিস্থিতিৰ স’তে যুঁজিবলৈ ৰাজ্যখনৰ চিকিৎসালয়সমূহে কেনেদৰে কাম কৰি আছে সেই বিষয়ে আলোচনা কৰিব এই বৈঠকত খনত।

Exit mobile version