দেশত দিনক দিনে বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ।চিকিৎসালয়ত বিছনাৰ অভাৱ ,অক্সিজেনৰ অভাৱ । এনে সময়ত বিভিন্নজনে বিভিন্ন ধৰণে কৰ’না ৰোগী সকলক সহায় কৰি আহিছে । ঠিক তেনেদৰেই এইবাৰ কৰ’না ৰোগী সকলক সহায় কৰিবলৈ ওলাই আহিছে মুম্বাইৰ এজন শিক্ষক।
তেওঁৰ নাম দত্তাত্ৰেয় সাৱন্ত ।শিক্ষকজনে তেওঁৰ অটোখন এম্বুলেন্সলৈ পৰিৱৰ্তন কৰিছে, যিসকলে এম্বুলেন্সৰ সেৱা লাভ কৰা নাই তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰাইছে আৰু চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিছে।
সাৱন্তে বিগত বহু দিন ধৰি মুম্বাইৰ ঘাটকাপুৰ অঞ্চলত এই সেৱা আগবঢ়াই আহিছে। তেওঁ আৰু তেওঁৰ পৰিয়ালে সামাজিক মাধ্যমৰ জৰিয়তে কোনো সাহসিকতা জাৰি কৰা নাই। দয়াসাগৰ বিদ্যা মন্দিৰ বিদ্যালয়ৰ এই প্ৰাথমিক শ্ৰেণীৰ শিক্ষকজনৰ কাহিনী শেহতীয়াকৈ দেশত এএনআই সংবাদ মাধ্যমৰ দ্বাৰা শ্বেয়াৰ কৰা হৈছে।
ইয়াৰ পাছতে তেওঁলোকৰ বাতৰিটো বিখ্যাত ক্ৰিকেটাৰ ভিভিএছ লক্ষ্মণে তেওঁৰ সামাজিক মাধ্যমৰ হেণ্ডেলৰ পৰা টুইট কৰিছে। তেওঁৰ অনুৰাগীৰ সংখ্যা উচ্চ বাবেই এতিয়া সাৱন্তৰ মহানুভৱতাৰ কথা দেশত বিয়পি পৰিছে ।
Dattatraya Sawant, a school teacher by profession and a part-time autorickshaw driver, gives free rickshaw rides to COVID patients
He picks up and drops patients from hospital without charging them. Hats off to his noble initiative.
Pray that we overcome this soon🙏🏼 pic.twitter.com/fieGYvWQCu— VVS Laxman (@VVSLaxman281) May 1, 2021
উল্লেখ যোগ্য যে হালধীয়া পিপিই চুট হৈছে এই কামটোত সাৱন্তৰ দৈনিক সঙ্গী। যাতে নিজকে সুৰক্ষিত ৰখিব পাৰে। লগতে তেওঁ প্ৰতিটো ভ্ৰমণৰ পাছত ৰোগীক নমাই তেওঁৰ পৰিয়াল আৰু আনৰ বিষয়ে চিন্তা কৰি তেওঁৰ চলোৱা গাড়ীখন ছেনিটাইজ কৰে।
তেওঁ কৰ’নাৰ সকলো নিয়ম অনুসৰণ কৰি মুম্বাইলৈ যোৱাৰ পথত ৰোগীৰ স’তে যাতায়ত কৰে। তেওঁ ইন্ধনৰ বাবে পৰিশোধ কৰিছিল, তেওঁৰ শিক্ষাদানৰ পৰা উপাৰ্জন কৰা ধন, আৰু পত্নীয়ে ঘৰৰ খৰচ ৰাহি কৰি তেওঁৰ স্বামীৰ হাতত তুলি দিছে টকা । মুম্বাই ক্ৰিকেট সংস্থাই বাতৰিটো পোৱাৰ পাছত সাৱন্তলৈ সহায়ৰ হাত আগবঢ়াই।