অতুল বৰা অগপ বিধায়িনী দলৰ দলপতি নিৰ্বাচিত

আজি বিয়লি অগপ দলৰ নৱনিৰ্বাচিত বিধায়কসকলৰ প্ৰথমখন বিধায়িনী দলৰ বৈঠক অসম বিধানসভাৰ অগপ বিধায়িনী দলৰ সভাকক্ষত দলৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ পৰ্যৱেক্ষণত অনুষ্ঠিত হয় ।

সভাৰ আৰম্ভণিতে জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে দলৰ সভাপতি অতুল বৰাক বিধায়িনী দলৰ দলপতি, কাৰ্যকৰী সভাপতি কেশৱ মহন্তক উপ-দলপতি, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক মুখ্য সচেতক আৰু সাধাৰণ সম্পাদক পোনাকন বৰুৱাৰ নাম সচিব হিচাপে প্ৰস্তাৱ কৰে আৰু সভাই সৰ্বসন্মতিৰে উক্ত প্ৰস্তাৱ সমৰ্থন জনায় ।

এই সভাতে অসম বিধানসভালৈ অষ্টমবাৰলৈ বিপুল ভোটত জয়যুক্ত হৈ অহা ফণীভূষণ চৌধুৰীক উষ্ম সম্বৰ্ধনা জনোৱাৰ লগতে নৱনিৰ্বাচিত প্ৰত্যেকজন বিধায়ককো দলীয়ভাৱে সম্বৰ্ধনা জনোৱা হয় ।

সভাত অগপ দলৰ নৱনিৰ্বাচিত বিধায়ক ক্ৰমে অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰদীপ হাজৰিকা, ৰেণুপমা ৰাজখোৱা, ভবেন্দ্ৰ নাথ ভৰালী, পোনাকন বৰুৱা আৰু পৃথ্বীৰাজ ৰাভা উপস্থিত থাকে ।

Exit mobile version