ক’ভিডত মৃত্যু পিতৃৰ, মাতৃ-ভ্রাতৃ হাস্পতালত

কর্তব্য অবিচল থাকি প্রশংসিত পুণেৰ চিকিৎসক

5gqi5p1c doctor

প্রতিদিনে ভাৰতত বৃদ্ধি পাইছে কৰ’নাত আক্রান্ত লােকৰ সংখ্যা । বৃদ্ধি পাইছে ক’ভিডত মৃত্যুৰ সংখ্যাও। ইয়াৰ লগতে চাপ বৃদ্ধি পাইছে বিভিন্ন হাস্পতাল আৰু শ্মশানত।

অথচ ইয়াৰ মাজতাে কর্তব্যত অবিচল হৈ আছে একাংশ মানুহ। এনে এজন চিকিৎসক হৈছে পুণেৰ সঞ্জীৱন হাস্পতালৰ সঞ্চালক মুকুন্দ। ইতিমধ্যেই তেওঁ হেৰুৱাইছে আপােনজনক।

লগতে দুজন কৰ’নাত আক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন হৈ আছে । এনে কঠিন পৰিস্থিতিতে ভাঙি নপৰি মুকুন্দই অব্যাহত ৰাখিছে আন কৰ’না ৰােগীৰ চিকিৎসা। কর্তব্যত কৰা নাই অকণাে গাফিলতি।

মুকুন্দৰ পিতৃৰ অলপতে ক’ভিডত মৃত্যু হৈছে। কৰ’নাত আক্রান্ত হৈ সম্প্রতি চিকিৎসাধীন হৈ আছে তেওঁৰ মাতৃ আৰু ভ্ৰাতৃ।মাতৃ আৰু ভ্ৰাতৃ কৰ’নাত আক্রান্ত হােৱাৰ মুকুন্দৰ ওপৰত মানসিক চাপ বৃদ্ধি পাইছে।

তথাপি আন ৰােগীসকলৰ চিকিৎসাত তেওঁ গাফিলতি কৰা নাই । মুকুন্দই কয়, ‘পৰিস্থিতি অত্যন্ত জটিল। আমি হাতত হাত থৈ বহি থাকি মানুহৰ মৃত্যু চাই থাকিব নােৱাৰাে। ডাঃ মুকুন্দ এই কাহিনী সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈছে।

সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে মন্তব্য কৰিছে। যে মুকুন্দৰ দৰে প্রথম শাৰীৰ ক’ভিড যােদ্ধাসকল আছে বাবেই এতিয়াও মানুহে এই পৰিস্থিতিত সংগ্রাম অব্যাহত ৰাখিব পাৰিছে।

Exit mobile version