জানি লওক হাপানীৰ লক্ষণ আৰু সুস্থ হোৱাৰ উপায়

what causes asthma MetropolisHealthcare

১৯৯৮ চনৰ পৰা, প্ৰতি বছৰে পাঁচ মে’ত বিশ্ব হাপানি দিৱস হিচাপে পালন কৰা হয় । বিশ্বজুৰি ১.৫ কোটিতকৈও অধিক লোক হাপানিত আক্ৰান্ত । কিন্তু বহুতে অনুভৱ কৰিব নোৱাৰে যে তেওঁ এই ৰোগত ভুগি আছে। বায়ু প্ৰদূষণৰ বাবেই এই দেশত হাপানীৰ ঘটনা অধিক বেছি। জানিলওক এই হাপানীৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ তথ্য আৰু সজাগতা । বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি, নিম্ন আৰু নিম্ন-মধ্য আয়ৰ দেশবোৰত ৮০% লোকৰ হাপানীত মৃত্যু হয়।

বহুক্ষেত্ৰত চিকিৎসকসকলে কয় যে হাপানি আনুবংশিক। যদি পৰিয়ালৰ কাৰোবাৰ সমস্যা হয়, হাপানি হোৱাৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি হয়। হাপানি আৰোগ্য কৰিব নোৱাৰি। কিন্তু আপুনি চেষ্টা কৰিলে ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰি। আৰু তাৰ বাবে সজাগতাৰ প্ৰয়োজন।

যদি আপোনাৰ হাপানি আছে ঋতুস্ৰাৱৰ সময়ত সজাগ হ’ব। যিসকলৰ জন্তুৰ চুলিৰ প্ৰতি এলাৰ্জিক তেওঁলোকে সিহঁতৰ যিমান প্ৰিয় পোহনীয়া জন্তু হওক তেওলোকৰ ওচৰলৈ নাযাব।

কিছুমান খাদ্যৰ ফলত এলাৰ্জিও হ’ব পাৰে। সেইবোৰ তৎক্ষণাৎ বন্ধ কৰিব লাগে। কণী, গৰুৰ গাখীৰ, গুৰি কৰা বাদাম, চয়া, ঘেঁহু, মাছ, মিছামাছ আৰু সামুদ্ৰিক মাছ।

যদি আপোনাৰ ঠাণ্ডা অধিক, আপুনি গৰম কাপোৰ, চুৱেটাৰ, স্কার্ফ লগত ৰখাৰ দৰকাৰ ।

হাপানীৰ ৰোগীসকলে সকলো সময়তে লগত ইনহেলাৰ ৰাখিবলৈ নাপাহৰিব।

উশাহ-নিশাহৰ চাপ বৃদ্ধি হোৱাৰ লগে লগে বহুলোকে কফি বা চাহ খাবলৈ পছন্দ কৰে। ই সামান্য সকাহ প্ৰদান কৰে। কিন্তু যদি কাৰোবাৰ কফি বা চাহৰ সমস্যা হয়, তেওঁ কুহুমীয়া পানীত অলপ নিমখ যোগ দিব পাৰে আৰু ইয়াক খাব পাৰে।

আপুনি আপোনাৰ হাতৰ তলুৱাত অলপ সৰিয়হৰ তেল দি বুকুখন মালিচ কৰিব পাৰে, আপুনি সকাহ পাব।

Exit mobile version