নাকত নেমুৰ ৰস ঢালি কৰ’না প্রতিৰোধ সম্ভৱ নে ?

lemon juice royalty free image 510180395 1531432390

ভাৰতত কৰ’নাৰ সংহাৰ বৃদ্ধি পােৱাৰ সময়ত সামাজিক মাধ্যমৰ জৰিয়তে এই মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰােধৰ নানা ঘৰুৱা উপায় আগবঢ়োৱা হৈছে ।

কিন্তু এনেবােৰ ঘৰুৱা দিহা-পৰামৰ্শৰ প্রায়বােৰে ইতিমধ্যে ভুৱা আৰু ভিত্তিহীন প্রমাণিত হৈছে । শেহতীয়াভাৱে সামাজিক মাধ্যমত একাংশ লােকে দাবী কৰি কৈছে যে নেমুৰ ৰস নাকৰ ফুটাত দিলে ই কৰ’না ভাইৰাছ ধ্বংস কৰিব পাৰে ।

এক ভিডিঅ’ত এজন ব্যক্তিয়ে এইদৰে দাবী কৰি নেমুৰ ৰস উলিয়াই ইয়াৰে দুই-তিনি এইদৰে নাকত নেমুৰ ৰস দিলে কৰ’না ভাইৰাছ ধ্বংস হয়। ভাইৰেল হােৱা উক্ত ভিডিঅ’ত ব্যক্তিজনে লগতে দাবী কৰি কৈছে যে এই পদ্ধতি অৱলম্বন কৰা ব্যক্তিৰ কৰ’নাত এতিয়ালৈকে মৃত্যু হােৱা নাই ।

কিন্তু এই দাবী সম্পূর্ণ ভিত্তিহীন বুলি জানিবলৈ দিছে চিকিৎসক বিশেষজ্ঞই । স্বাস্থ্য বিশেষজ্ঞৰ মতে, নেমুৰ ৰস নাকত দিলে কৰ’না প্রতিবােধ হােৱাৰ কোনাে তথ্যপ্রমাণ আজিলৈকে লাভ কৰা হােৱা নাই । এনে কাৰ্যই নাকৰ ক্ষতিহে কৰিব পাৰে বুলি স্বাস্থ্য গৱেষকে সতর্ক কৰি দিছে ।

Exit mobile version